ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত "কিশোৰী স্বাস্থ্য আৰু পৰিচ্ছন্নতা" শীর্ষক সজাগতা সভা...

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত "কিশোৰী স্বাস্থ্য আৰু পৰিচ্ছন্নতা" শীর্ষক সজাগতা সভা...

ডিজিটেল ডেস্কঃ গুৱাহাটী মালিগাওঁ অঞ্চলৰ অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতাধিক ছাত্ৰীৰ মাজত শুকুৰবাৰে "কিশোৰী স্বাস্থ্য আৰু পৰিচ্ছন্নতা" শীর্ষক সজাগতা সভা অনুষ্ঠিত হয়। ইলোৰা বিজ্ঞান মঞ্চৰ পান্ডু মালিগাওঁ শাখাৰ উদ্যোগত আয়োজিত সভাত অসম চৰকাৰৰ স্বাস্থ্য বিষয়া ডাঃ দীপ্তিৰেখা শৰ্মাই বয়ঃসন্ধিকাল আৰু কৈশোৰ অৱস্থাত স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব সম্পর্কে মনোগ্রাহী আলোচনা আগবঢ়ায়।

শেষত প্ৰশ্নোত্তৰপৰ্বতো কেইবাজনী ছাত্রীয়ে ভাগ লয়। সভাৰ আৰম্ভণিত উদ্দেশ্য ব্যাখ্যা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ পান্ডু মালিগাওঁ শাখাৰ সম্পাদক শিশিৰ ভট্টাচার্যই। অম্বিকাগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষিকাই সভাত সভাপতিত্ব কৰা অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ পান্ডু মালিগাওঁ শাখাৰ সভাপতি শ্ৰী ভূপেন কলিতাই ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিজ্ঞান মঞ্চৰ হিমাংশু দাস, কনক বৰ্মন, চুচেন হাজৰিকা, প্ৰতুল দত্ত মিতা দত্ত, ভব ডেকা, প্ৰমোদ কুমাৰ হৰি কলিতা প্ৰমুখ কৰ্মকৰ্তা আৰু শিক্ষক শিক্ষিকা উপস্থিত আছিল।

ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত "কিশোৰী স্বাস্থ্য আৰু পৰিচ্ছন্নতা" শীর্ষক সজাগতা সভা...
প্ৰধানমন্ত্ৰী মোডীক ৰোমান ইতিহাসৰ অহংকাৰী ৰজা নেৰ'ৰ সৈতে তুলনা গৌৰৱ গগৈৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in