/asomiyapratidin/media/media_files/2025/06/14/9oBEkNebsCJudIjgVlC5.jpg)
ডিজিটেল ডেস্কঃ দিছপুৰৰ জনতা ভৱনৰ মূল প্ৰদেশদ্বাৰ জোকাৰি টাই আহোম যুৱ ছাত্ৰ পৰিষদে আজি কেন্দ্ৰ আৰু ৰাজ্যৰ ডাৱল ইঞ্জিনৰ চৰকাৰক দিলে চৰম সকিয়নি। ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে এই চৰকাৰ আহোম জনগোষ্ঠীৰ ৰোষত পৰাতো নিশ্চিত।
তাৰোপৰি প্ৰয়োজনত জনতা ভৱনেই নহয়, অসম বিধানসভাতো প্ৰৱেশ কৰি বিধানসভাৰ ভিতৰত অধ্যক্ষৰ আসনো ঘেৰাও কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিছে আটাছুৰ নেতৃত্বই। আজি সংগঠনটোৱে দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি জনতা ভৱন ঘেৰাও কৰে। পূৰ্বেও সংগঠনটোৱে দিছপুৰত প্ৰতিবাদ কৰিছে যদিও আজিৰ প্ৰতিবাদ পূৰ্বতকৈ কিছু ব্যক্তিক্ৰম যেন পৰিলক্ষিত হৈছে।
আজি প্ৰতিবাদকাৰীসকলে আহি জনতা ভৱনৰ মূল প্ৰৱেশদ্বাৰ জোকাৰি পেলোৱাৰ লগতে তাৰ সন্মুখত বহি জনজাতিকৰণ দাবী সম্বলিত বেনাৰ, পোষ্টাৰ প্ৰদৰ্শন কৰি, চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। একাংশ প্ৰতিবাদকাৰীয়ে আনকি জনতা ভৱনৰ মূল প্ৰবেশদ্বাৰৰ ওপৰেদি উঠি ভিতৰত প্ৰৱেশৰো চেষ্টা চলাইছে।
এনে উত্তাল প্ৰতিবাদৰ মাজতে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত সংগঠনটোৰ নেতৃত্বই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক চৰম সকিয়নি প্ৰদান কৰিছে। আটাছু নেতা মিলন বুঢ়াগোহাঁয়ে প্ৰতিবাদৰ মাজতে সংবাদ মাধ্যমৰ আগত কয়, আমাৰ ধৈয্যৰ বান্ধ চিঙি গৈছে। আজি আমি জনতা ভৱনৰ প্ৰৱেশদ্বাৰ সন্মুখত আহি উপস্থিত হৈছো। প্ৰয়োজন হ’লে অসম বিধানসভাৰ ভিতৰতো প্ৰৱেশ কৰি প্ৰতিবাদ কৰিম।
তেওঁ কয়, আমাৰ ধৈৰ্যৰ বান্ধ যাতে আৰু অধিক চিঙি নাযায় তাৰ বাবে চৰকাৰে ২৬ ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। অন্যথা বিধানসভা ঘেৰাও কৰাই নহয়, ভিতৰত প্ৰৱেশ কৰি অধ্যক্ষৰ আসনলৈকে ঘেৰাও কৰা হ’ব।
আন এগৰাকী নেতাই সংবাদ মাধ্যমৰ কেমেৰাৰ আগতে প্ৰতিবাদৰ মাজতে কয়, আটাছুৱে কোনোদিন ভিক্ষা খোজা নাই, ভিক্ষা নালাগে। আমাক স্বায়ত্বশাসন লাগে। জনজাতিকৰণ আমাক দিব লাগিবই। যদিহে আমাৰ দাবী মানি নলয় তেন্তে আগন্তক সময়ত ২০২৬ ত আহোম জনগোষ্ঠীয়ে বিজেপি চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব।
প্ৰতিবাদকাৰী আটাছু নেতৃত্বই আৰু কয়, বছৰ বছৰ ধৰি আটাছুৱে, আহোমজনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি প্ৰতিবাদ কৰি আহিছে। কোনো এখন চৰকাৰেই এই দাবীক গুৰুত্ব দিয়া নাই। এই ডাৱল ইঞ্জিনৰ চৰকাৰখনে বাৰে বাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিও প্ৰতাৰণা কৰি আহিছে।
এইবাৰ আমি চৰম সকিয়নি দিছো। যদিহে ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, আমাৰ দাবীৰ বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে তেওঁলোক টাই আহোম জনগোষ্ঠীৰ ৰোষত পৰাতো নিশ্চিত।