সপ্তাহজোৰা বৰষুণৰ অন্তত মহানগৰীৰ আকাশত দেখা দিলে ৰ'দ

সপ্তাহজোৰা বৰষুণৰ অন্তত মহানগৰীৰ আকাশত দেখা দিলে ৰ'দ

author-image
Asomiya Pratidin
New Update
সপ্তাহজোৰা বৰষুণৰ অন্তত মহানগৰীৰ আকাশত দেখা দিলে ৰ'দ

ডিজিটেল ডেস্ক: অৱশেষত চিন্তাৰ অন্ত পেলাই গুৱাহাটীৰ আকাশত দেখা দিলে ৰ’দ। প্ৰায় এসপ্তাহৰ অন্তত বৃহস্পতিবাৰে গুৱাহাটীৰ আকাশত দেখিবলৈ পোৱা গ’ল সূৰ্যৰ পোহৰ। ৰ’দ দেখা মাত্ৰেই মহানগৰবাসীৰ মুখত এমোকোৰা হাঁহি উপচি পৰা দেখা গ’ল।

সপ্তাহ ধৰি চলি থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ওলোৱা-সোমাৱাৰ সমস্যা, বজাৰ কৰা, কাপোৰ কানি শুকোৱা, বিদ্যালয়, অফিছ-কাছাৰী আদিলৈ অহা-যোৱা কৰা ইত্যাদি নানা সমস্যাৰ সন্মুখীন হৈছিল সৰ্বসাধাৰণ। এতিয়া ৰ’দ ওলোৱাৰ পাছত যেন পুনৰ স্বাভাৱিক জীৱন-যাপন কৰাৰ ছন্দ বিচাৰি পাইছে মহানগৰবাসীয়ে।

অৱশ্যে এতিয়াও বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত দিনৰ বতৰকলৈ সেউজ সংকেত প্ৰদান কৰা নাই। এতিয়াও হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে কোনো কোনো অঞ্চলত। পুনৰ বৰষুণৰ সম্ভাৱনা আছে যদিও খন্তেকৰ বাবে ওলোৱা ৰ’দে কিছু প্ৰশান্তি দিছে সৰ্বসাধাৰণ ৰাইজক।

Also Read: ৰঞ্জিত দত্তৰ সম্বৰ্ধনা সভাত উপস্থিত নহ'ল পল্লৱলোচন দাস

rain guwahati