/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/168b0f0f-65d6-4d18-9bf5-92366102a4da/hh.jpg)
ডিজিটেল সংবাদ, চিৰাং: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৃষ্ঠপোষকতাত "অখিল ভাৰতীয় বিত্তীয় স্বাক্ষৰতা কুইজ -২০২৩" ৰ গুৱাহাটী মাণ্ডলিক পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত অসমৰ হৈ চিৰাং জিলাৰ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ উদয়শংকৰ কৰ্মকাৰ আৰু ছাত্ৰী তনুশ্ৰী দেৱনাথে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/72e63107-a788-47e4-acf8-16c2f8bdc9a3/e738d9d1_f8fe_41cb_8fac_7e9feb962e2e.jpg)
অসমৰ উপৰিও ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত চুড়ান্ত বিজয়ী হোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা এই দুই কৃতি ছাত্ৰ ছাত্ৰীৰ সাফল্যক কেন্দ্ৰ কৰি শনিবাৰে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশৰ সূচনা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f7598755-c1bd-46ec-90eb-ec618d52e109/2c14a998_cc3f_48c5_be90_69c0812c9b8d.jpg)
গুৱাহাটী মাণ্ডলিক পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত চুড়ান্ত বিজয়ী হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতালৈ আমন্ত্ৰণ লাভ কৰা প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী উদয়শংকৰ কৰ্মকাৰ আৰু তনুশ্ৰী দেৱনাথক বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলে উষ্ণ সম্বৰ্ধনা জনায় লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৌজন্যত অহা ১৪ চেপ্তেম্বৰত মুম্বাইৰ অভিজাত হোটেল তাজত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত তেওঁলোকে যাতে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d76cf5ca-fa49-45d4-a0ed-6c8dde5d5b2d/c552bd4f_80fc_48ef_a156_96bcae41943f.jpg)
উল্লেখ্য যে, ৮ চেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিবান্টাত গুৱাহাটী মাণ্ডলিক ভিত্তিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত অসমৰ হৈ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদয়শংকৰ কৰ্মকাৰ আৰু তনুশ্ৰী দেৱনাথে ৭৪ পয়েন্টেৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰে ত্ৰিপুৰাৰ চেইংলেছৰ চৰকাৰী বিদ্যালয়ে আৰু তৃতীয় স্থান লাভ কৰে মেঘালয়ৰ কেন্দ্ৰীয় বিদ্যালয়ে।
উক্ত প্ৰতিযোগিতাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বিজয়ী সকলক ট্ৰফী, প্ৰমাণ পত্ৰ আৰু অন্যান্য বটাঁ প্ৰদান কৰে । অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য মহাপ্ৰৱন্ধক সোনালী সেনগুপ্তা, মাণ্ডলিক সঞ্চালক সুস্মিতা ফুকনকে আদি কৰি অন্যান্য আমন্ত্ৰিত অতিথিসকল উপস্থিত আছিল।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৌজন্যত অখিল ভাৰতীয় বিত্তীয় স্বাক্ষৰতা কুইজ- ২০২৩ ৰ কুইজ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰী শিক্ষাখণ্ডৰ বিদ্যালয় পৰ্য্যায়ৰ পৰা আৰম্ভ কৰি খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত প্ৰায় পাঁচ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।