মা কামাখ্যাৰ আশীষেৰে বৃহস্পতিবাৰে শেষ প্ৰচাৰ টীম ৰত্নাকৰৰ, প্ৰথম দৰ্শনীৰ টিকট প্ৰায় শেষ…

মা কামাখ্যাৰ আশীষেৰে বৃহস্পতিবাৰে শেষ প্ৰচাৰ টীম ৰত্নাকৰৰ, প্ৰথম দৰ্শনীৰ টিকট প্ৰায় শেষ…

author-image
asomiyapratidin
New Update
মা কামাখ্যাৰ আশীষেৰে বৃহস্পতিবাৰে শেষ প্ৰচাৰ টীম ৰত্নাকৰৰ, প্ৰথম দৰ্শনীৰ টিকট প্ৰায় শেষ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিব জনপ্ৰিয় অভিনেত্ৰা যতীন বৰাৰ পৰিচালিত ছবি "ৰত্নাকৰ"। ইতিমধ্যে ছবি খন লৈ বিভিন্ন ঠাইত দীৰ্ঘদিন ধৰি যতীন বৰাৰ টীম ৰত্নাকৰ প্ৰচাৰ চলাই আহিছে।

Advertisment

মুঠ ১৭৬ টা দৰ্শনীলৈ বৃদ্ধি কৰা হয় ছবিগৃহত ৰত্নাকৰৰ দৰ্শনী বুলি ৰত্নাকৰ ছবিৰ প্ৰযোজিকা তথা যতীন বৰাৰ পত্নী নৱনীতা শৰ্মাই জনায়। ইপিনে বিগ বাজেটৰ ছবিখন লৈ বৃহস্পতিবাৰে কামাখ্যা ধামত আশীষেৰে শেষ প্ৰচাৰ সামৰি ছবিখন দৰ্শকে আদৰি লব বুলি আশা কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে ।

প্ৰচাৰৰ অন্তিম দিনা কামাখ্যা গেটৰ পৰা চানমাৰি হৈ প্ৰায় ২৫০ খন বাইকেৰে টীম ৰত্নাকৰে বৃহৎ বাইক ৰেলী উলিয়ায়। আনহাতে প্ৰচাৰ শেষ দিনা ছবিখনৰ জনপ্ৰিয় গীত "এটা কথা কোৱানা" গীতটো পৰিবেশন কৰি কণমানি শিশু শিল্পী হৰ্ষিতাই সকলোকে ছবিখন চাবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, অসমকে ধৰি হায়দৰাবাদ,মুম্বাই,বাংগালুৰু ধৰি আন বহু ৰাজ্যত ৰত্নাকৰ মুক্তি লাভ কৰিব । প্ৰাপ্ত খবৰনুসৰি, গুৱাহাটী, লখিমপুৰৰ তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি প্ৰায় সংখ্যক জিলাৰ ছবিগৃহত ইতিমধ্যে প্ৰায় শেষ হোৱাৰ পথত প্ৰথম দিনৰ টিকট।