গৰমত চিৰিয়াখানাৰ জন্তুৰো অৱস্থা কাহিলঃ ফেন, এচিৰে সকাহ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ...

গৰমৰ প্ৰকোপত তীব্ৰ সমস্যাৰ সন্মুখীন হোৱা অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুবোৰক সকাহ দিয়াৰ উদ্দেশ্যৰে চিৰিয়াখানা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

author-image
Tushar Pratim
New Update
গৰমত চিৰিয়াখানাৰ জন্তুৰো অৱস্থা কাহিলঃ ফেন, এচিৰে সকাহ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ...

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে প্ৰচণ্ড গৰমে দহিছে গুৱাহাটীক। গুৱাহাটীৰ এই গৰমত সাধাৰণ নাগৰিকৰ স্বাভাৱিক জীৱন প্ৰণালীত যিদৰে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে সেইদৰেই অসম ৰাজ্যিক চিৰিয়াখানাত থকা জীৱ-জন্তুসমূহৰো অসুবিধাৰ সন্মুখীন হৈছে। 

Advertisment

গৰমৰ প্ৰকোপত তীব্ৰ সমস্যাৰ সন্মুখীন হোৱা এই জীৱ-জন্তুবোৰক সকাহ দিয়াৰ উদ্দেশ্যৰে চিৰিয়াখানা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ বিষয়া ৰজনী কান্ত ডেকাই জনোৱা অনুসৰি জীৱ-জন্তুসমূহক গৰমৰ পৰা ৰক্ষা কৰিবলৈ বৈদ্যুতিক ফেন, কুলাৰৰ উপৰিও এচিৰো ব্যৱস্থা কৰিছে।

তেওঁ কয়,"আমি বাঘৰ বাবে ডাঙৰ বাথটাব নিৰ্মাণ কৰিছো। এতিয়া বাঘৰ বাবে শীতল পানীৰে গা ধোৱাৰ সুবিধা আছে। আমি ইলেক্ট্ৰিক ফেন, এচি আদি স্থাপন কৰিছো যাতে জীৱ-জন্তুবোৰে গৰমৰ সৈতে মোকাবিলা কৰাত সহায়ক হয়।"

তেওঁ লগতে কয় যে সকলো জীৱ-জন্তু বৰ্তমান সুস্থ আৰু ভালদৰেই খাদ্য গ্ৰহণ কৰি আছে। উল্লেখ্য যে, যোৱা দিন কেইটাত গুৱাহাটীত তীব্ৰ গৰমৰ সমান্তৰালকৈ কৃত্ৰিম বানপানীৰো সৃষ্টি হৈছে। গুৱাহাটীবাসীয়ে একপ্ৰকাৰে কৃত্ৰিম বানপানী আৰু প্ৰখৰ গ্ৰীষ্মৰ সৈতে যুঁজিবলগীয়া হৈছে।

অন্য ঠাইত বৰষুণে গৰমৰ পৰা সাধাৰণ নাগৰিকক পৰিত্ৰাণ দিয়ে যদিও গুৱাহাটীত বৰষুৰ হৈ পৰে অভিশাপ স্বৰূপ। মাত্ৰ এজাক বৰষুণতে বুৰ যায় বিস্তীৰ্ণ অঞ্চল। যোৱা মঙলবাৰে পুৱতি নিশাৰ পৰা অহা বৰষুণে গুৱাহাটীৰ বহু অঞ্চলত পুৱা কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ পিছত দিনৰ ভাগৰ প্ৰখৰ গৰমত মানুহ জুৰুলা হৈছে। আজিও গৰমৰ প্ৰকোপত গুৱাহাটীত এগৰাকী আৰক্ষীৰ লোক পথৰ কাষতে মৃত্যু হৈছে।

সেয়া যিয়েই নহওক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি গুৱাহাটী মহানগৰীত আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে পাতল বৰষুণৰো সম্ভাৱনা আছে।

 

গৰম ৰাজ্যিক চিৰিয়াখানা