অত্যাধুনিক প্ৰযুক্তিৰে জিলিকিব অসম

অত্যাধুনিক প্ৰযুক্তিৰে জিলিকিব অসম

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ পৰিবহণ খণ্ডলৈ সুখবৰ ৷ অসমত শীঘ্ৰেই উপলব্ধ হ’ব উন্নত মানৰ প্ৰযুক্তিসহ বিশেষ পৰিবহন সেৱা ৷আধুনিক প্ৰযুক্তিৰে উচ্চমানৰ পৰিবহন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে এই সন্দৰ্ভত অলপতে সম্পন্ন হয় এখন বুজাবুজিৰ চুক্তি ৷

ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰই এই সম্পৰ্কীয় বুজাবুজিৰ চুক্তি কৰে গুৱাহাটীৰ ষ্টাৰ্টআপ স্কাইট্ৰেক টেকন’লজি প্ৰাইভেট লিমিটেডৰ সৈতে ।

চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে অসমত পৰিবহণ সেৱা উন্নত কৰা আৰু ইয়াত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব ৷তদুপৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( ISRO)ৰ এ পি আই আৰু ডাটা প্ৰডাক্ট ব্যৱহাৰ কৰি এক বুদ্ধিমত্তাসম্পন্ন তথা উচ্চমানৰ পৰিবহণ সেৱা দিব অসমৰ জনসাধাৰণক ৷

উল্লেখ্য যে ডি পি আই আই টিৰ পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ তথা ভাৰত চৰকাৰৰ উদ্যোগ বিভাগৰ অনুমোদনপ্ৰাপ্ত স্কাইট্ৰেক টেকন’লজি প্ৰাইভেট লিমিটেড হ’ল ভৌগোলিক তথ্য ব্যৱস্থা চমুকৈ জি আই এছ ব্যৱহাৰ কৰা এটা অগ্ৰনি সংস্থা ৷আনহাতে এ পি আই আৰু ডাটা প্ৰডাক্ট ব্যৱহাৰ কৰি উন্নত আৰু বুদ্ধিমত্তাসম্পন্ন পৰিবহণ ব্যৱস্থাৰ প্ৰযুক্তি বিকশিত কৰাতো এই সংস্থাতো বিশেষজ্ঞ বুলি পৰিচিত ৷

গুজৰাটৰ আহমেদাবাদত সম্পন্ন হোৱা দুয়োটা সংস্থাৰ বুজাবুজিৰ চুক্তিৰ পিছত অসমৰ জনসাধাৰণে এক উন্নত আৰু অত্যাধুনিক মানদণ্ডৰ পৰিবহন সেৱা লাভ কৰিব বুলি আশা কৰা হৈছে ৷

অত্যাধুনিক প্ৰযুক্তিৰে জিলিকিব অসম
বিশ্বনাথত ৰেচন কাৰ্ড বিতৰণত মন্ত্ৰী পিযুষ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in