/asomiyapratidin/media/media_files/2025/02/13/d3Ni9XWsqiFswzh2K4Ut.png)
ডিজিটেল ডেস্কঃ হেকাৰৰ কৱলত পৰিছে অসম সচিবালয় ! যোৱা চাৰিদিন ধৰি বন্ধ হৈ আছে অসম সচিবালয়ৰ ই-অফিচৰ কামকাজ। জানিব পৰা মতে কেৱল অসম সচিবালয়ৰে নহয়, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ই-অফিচৰ কামকাজো স্থবিৰ হৈ পৰিছে।
আশংকা কৰা হৈছে ইয়াৰ ছাৰ্ভাৰ ডাউন, ফাইল হেক হৈছে। এই সন্দৰ্ভ ই-অফিচৰ দায়িত্বত থকা Railtel নামৰ সংস্থাটোৱে জনাইছে, ৰেইলটেইলে ৰেইলটেইলৰ ডাটা চেণ্টাৰত কিছু কাৰিকৰী বিসংগতিৰ সন্মুখীন হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অইল ইণ্ডিয়া লিমিটেডো এইদৰেই হেকাৰৰ কৱলত পৰিছিল। অসম সচিবালয়ক পেপাৰবিহীন কাৰ্যালয়লৈ ৰূপান্তৰৰ কৰাৰ পাছত এনেদৰে ই-অফিচৰ কামকাজ স্থবিৰ হৈ পৰাত ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোলৈ চৰম অনিশ্চয়তা নামি আহিছে।