ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

author-image
Asomiya Pratidin
New Update
ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

ডিজিটেল ডেস্ক : সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই এক শোকবাৰ্তাত অসমীয়া ভাষা-সাহিত্যলৈ ৰবীন্দ্ৰ সৰকাৰে আগবঢ়োৱা বিশিষ্ট অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।

Advertisment

লগতে তেওঁক অসমীয়া আৰু বাংলা সমাজৰ সমন্বয়ৰ প্ৰতীক আখ্যা দিয়ে। ২০১৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা ৰবীন্দ্ৰ সৰকাৰৰ 'ধূলিয়ৰি ভৰিৰ সাঁচ' কাব্যগ্ৰন্থখন সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এক উল্লেখযোগ্য সৃষ্টি বুলি সভাপতি ড০ হাজৰিকাই মন্তব্য কৰে।

Also Read: এইবাৰ ইছৰ’ৰ সূৰ্য অভিযান : আজি দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে আদিত্য এল-১

assam sahitya sabha