/asomiyapratidin/media/media_files/2025/05/12/Ey5sWSVlFQAl0fvILjm6.jpg)
ডিজিটেল ডেস্কঃ গুাৱহাটীৰ লালমাটি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি আটক কৰি এই বিদেশী চিগাৰেট সৰবৰাহৰ সৈতে জড়িত দুজন সৰবৰাহকাৰীক।
আৰক্ষীৰ সূত্ৰত প্ৰকাশিত খবৰ মতে সৰবৰাহকাৰী কেইটাৰ পৰা ১,৫৯,৬০০ টা বিদেশী চিগাৰেট, এখন এল.পি. ট্ৰাক আৰু এখন পিকআপ ভেন জব্দ কৰিছে। আটকাধীন ব্যক্তি দুগৰাকী চন্দন বৰ্মন (৪৮) আৰু প্ৰাঞ্জল দাস (২৫)।
অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়াই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে লালমাটি অঞ্চলত বিদেশী চিগাৰেটৰ বৃহৎ পৰিসৰৰ ব্যৱসায় চলি থকাৰ গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষী থানাৰ আৰক্ষীয়ে দেওবাৰ ৰাতি এক অভিযান চলায়। এই অভিযানৰ সময়তে বিদেশী চিগাৰেটখিনিৰ সৈতে সৰবৰাহকাৰী কেইটাক আটক কৰে।
আটক কৰা ব্যক্তি দুজনে এই চিগাৰেট সৰবৰাহৰ কোনো বৈধ বৈধ নথিপত্ৰ দেখুৱাব পৰা নাই। আৰক্ষীয়ে ESSE Light Slim Cigarettes নামৰ ৭৯৮ টা পেকেট জব্দ কৰিছে। প্রতিটো পেকেটত ১০ টা সৰু বাকচ আছে আৰু প্ৰতিটো বাকচত ২০ টাকৈ চিগাৰেট আছে।