শুৱালকুছিত নিয়াৰ অভিযানঃ ৰাজমিস্ত্ৰী পিতৃ, ই-ৰিক্সা চালক পুত্ৰ আৰু জীয়ৰীক আটক...

শুকুৰবাৰে নিশা শুৱালকুছিত অসম আৰক্ষীৰ সহযোগত নিয়াই অভিযান চলাই তিনিজনকৈ লোকক আটক কৰে। জানিব পৰা মতে শুৱালকুছিৰ বসন্তপুৰৰ নিৰেন কলিতা নামৰ লোকজনৰ ঘৰত অভিযান চলাই দলটোৱে। 

author-image
Tushar Pratim
New Update
শুৱালকুছিত নিয়াৰ অভিযানঃ ৰাজমিস্ত্ৰী পিতৃ, ই-ৰিক্সা চালক পুত্ৰ আৰু জীয়ৰীক আটক...

ডিজিটেল সংবাদ শুৱালকুছিঃ শুকুৰবাৰে নিশা শুৱালকুছিত অসম আৰক্ষীৰ সহযোগত নিয়াই এক অভিযান চলাই তিনিজনকৈ লোকক আটক কৰে। জানিব পৰা মতে শুৱালকুছিৰ বসন্তপুৰৰ নিৰেন কলিতা নামৰ লোকজনৰ ঘৰত অভিযান চলাই দলটোৱে। 

Advertisment

তাৰ পিছতেই নিৰেন কলিতা, তেওঁৰ পুত্ৰ হীৰক কলিতা আৰু তেওঁৰ ভগ্নী ৰূপালী কলিতাক আটক কৰিছে। নিৰেন কলিতা পেছাত এগৰাকী ৰাজমিস্ত্ৰী। আনহাতে তেওঁৰ পুত্ৰ হীৰক এগৰাকী ই-ৰিক্সা চালক। 

এই পৰিয়ালটোৰ ঘৰত নিশা কিয় অসম আৰক্ষীৰ সহযোগত নিয়াৰ দৰে এটা সংস্থাই অভিযান চলালে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। এতিয়াও তেওঁলোকক আটক কৰাৰ কাৰণ জানিব পৰা হোৱা নাই। 

অৱশ্যে অভিযানৰ সময়ত তেওঁলোকৰ বাসগৃহৰ পৰা ৪ টা মোবাইল ফোনসহ ঘৰুৱা নথিপত্ৰও জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে। 

অসম আৰক্ষী নিয়া শুৱালকুছি