ডিজিটেল ডেস্কঃ বুধবাৰে বিহাৰৰ সমষ্টিপুৰৰ মোতিউৰ ঘাটত এক পথ দুৰ্ঘটনাত পতিত হৈ আহত হোৱা অসম আৰক্ষীৰ জোৱানসকলৰ মাজৰ এজনৰ মৃত্যু হৈছে। বিহাৰত নিৰ্বাচনী দায়িত্ব পালন কৰি পথ দুৰ্ঘটনাত আহত হৈ পৰৱৰ্তী সময়ত মৃত্যু হোৱা এই জোৱানজনৰ নাম মিণ্টু ৰয়।
অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল মিণ্টু ৰয়ৰ ঘৰ ধুবুৰীত। আজি তেওঁৰ নশ্বৰ দেহ বিহাৰৰ পৰা ধুবুৰীলৈ আনি থকা হৈছে।
এই সন্দৰ্ভত অসম আৰক্ষীয়ে নিজা অফিচিয়েল এক্স হেণ্ডেলত লিখিছে - ''আমি দুখেৰে জনাওঁ যে বিহাৰত নিৰ্বাচনী কৰ্তব্য পালন কৰিবলৈ গৈ প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল মিন্টু ৰয়ে সমষ্টিপুৰৰ মোতিউৰ ঘাটত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে । তেওঁৰ নশ্বৰ দেহ ধুবুৰীৰ নিজা ঘৰলৈ আনি থকা হৈছে ।''
উল্লেখ্য যে, বিহাৰৰ মুজাফৰপুৰৰ সমষ্টিপুৰৰ মোতিউৰ ঘাটত এখন ট্ৰাকত খুন্দা মাৰিছিল অসম আৰক্ষীক কঢ়িয়াই নিয়া এখন বাছে। বাছখনত আছিল ৩৬ জনকৈ অসম আৰক্ষীৰ জোৱান। এই জোৱানসকল আছিল মাকুমস্থিত দ্বিতীয় আৰক্ষী বেটেলিয়ান বাহিনীৰ।
আমি দুখেৰে জনাওঁ যে বিহাৰত নিৰ্বাচনী কৰ্তব্য পালন কৰিবলৈ গৈ প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল মিন্টু ৰয়ে সমষ্টিপুৰৰ মোতিউৰ ঘাটত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ।
তেওঁৰ নশ্বৰ দেহ ধুবুৰীৰ নিজা ঘৰলৈ আনি থকা হৈছে । pic.twitter.com/qhF87uMNfm— Assam Police (@assampolice) May 16, 2024
দুৰ্ঘটনাত কম, বেছি পৰিমাণে ২৪ গৰাকী জোৱান আহত হোৱাৰ লগতে ইয়াৰে ৩ জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছিল। চাক্ৰা আৰক্ষী থানাৰ এলেকাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আহত আৰক্ষী জোৱানসকলক ততাতৈয়াকৈ চাক্ৰা ৰেফাৰেল হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।
গুৰুতৰভাৱে আহত তিনিজনক পৰৱৰ্তী সময়ত এছ কে এম চি হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰে এজন আছিল মিণ্টু ৰয়। মিণ্টু ৰয়ৰ মৃত্যুত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও শোক প্ৰকাশ কৰিছে।
Deepest condolences. Rest in peace, dear brother. https://t.co/yNHjrwN2Om
— GP Singh (@gpsinghips) May 16, 2024
Also Read: বিহাৰত ভয়ংকৰ দুৰ্ঘটনা : অসম আৰক্ষীৰ ২৪জন জোৱান আহত...