অসম আৰক্ষীয়ে সুৰা সৰবৰাহৰ অভিযোগত আটক কৰিছে প্ৰণতি বৰাক...

সুৰা নিষিদ্ধ ৰাজ্য মনিপুৰলৈ অহৰহ অবৈধ ভাৱে গোপনে সুৰা সৰবৰাহ কৰাৰ অভিযোগত এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে ।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীয়ে সুৰা সৰবৰাহৰ অভিযোগত আটক কৰিছে প্ৰণতি বৰাক...

ডিজিটেল ডেস্কঃ সুৰা নিষিদ্ধ ৰাজ্য মনিপুৰলৈ অহৰহ অবৈধ ভাৱে গোপনে সুৰা সৰবৰাহ কৰাৰ অভিযোগত এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে ।

Advertisment

দেওবাৰে নিশা গুৱাহাটীৰ পৰা আটক কৰা হৈছে প্ৰণতি বৰা নামৰ মহিলা গৰাকীক । আটকাধীন অভিযুক্ত প্ৰণতি বৰা অৰুণাচলী সুৰা ছিণ্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড বুলি অভিযোগ উত্থাপন হৈ আহিছিল দীৰ্ঘদিনে ।

বোকাজান মহকুমাৰ দুখনকৈ থানাৰ তালাচীত বিগত কিছু দিনত জব্দ হৈছিল বহুখিনি অবৈধ সুৰা ।

দুখনকৈ থানা ক্ৰমে ডিলাই থানাৰ গোচৰ নং ৩৮/২০২৩ আৰু বৰপথাৰ থানাৰ ১৭/২০২৩ আৰু ১৯/২০২৩ ধাৰাত আটক কৰা হৈছে অভিযুক্ত প্ৰণতি বৰাক ।

Also Read: মমতাই বংগত নিষিদ্ধ কৰিলে 'দ্যা কেৰালা ষ্টৰী'...

#arrest pranati bora illigel wine transport