১০০ দিনত ২৫ টা শৃংগ আৰোহণৰ এক বৃহৎ অভিযানৰ লক্ষ্য অসম পৰ্বতাৰোহণ সন্থাৰ

অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত অসমৰ সকলো পৰ্বতাৰোহণ সন্থাই একত্ৰিত হৈ ১০০ দিনত ২৫ টা শৃংগ আৰোহণৰ এক বৃহৎ অভিযান চলাব৷ সোমবাৰে এই অভিযানৰ কথা ঘোষণা কৰিছে সন্থাই।

author-image
Tushar Pratim
New Update
১০০ দিনত ২৫ টা শৃংগ আৰোহণৰ এক বৃহৎ অভিযানৰ লক্ষ্য অসম পৰ্বতাৰোহণ সন্থাৰ

ডিজিটেল ডেস্কঃ অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত অসমৰ সকলো পৰ্বতাৰোহণ সন্থাই একত্ৰিত হৈ ১০০ দিনত ২৫ টা শৃংগ আৰোহণৰ এক বৃহৎ অভিযান চলাব৷ দিছপুৰস্থিত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন তথা প্ৰশিক্ষণ কেন্দ্ৰত সোমবাৰে এই ‘মেগা এক্সপেডিশ্যন’ৰ ঘোষণা কৰে সন্থাৰ বিষয়ববীয়াসকলে৷

Advertisment

অহা জুলাই মাহৰ শেষ সপ্তাহত আৰম্ভ হ’বলগীয়া এই অভিযানত অসমৰ প্ৰায় সকলো পৰ্বতাৰোহণ সন্থাই অংশগ্ৰহণ কৰিব আৰু মাত্ৰ ১০০ দিনৰ ভিতৰত হিমালয় পৰ্বতমালাৰ লাডাখ ৰেঞ্জত অৱস্থিত বিভিন্ন উচ্চতাৰ ২৫ টা শিখৰ আৰোহণ কৰাৰ চেষ্টা কৰিব৷ আনহাতে অসমত ক্ৰমাৎ দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আৰম্ভ হোৱা আগ্ৰহলৈ লক্ষ্য ৰাখি আৰু নৱ প্ৰজন্মক এই ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ কৰাৰ বাবে সন্থাই অহা জুলাই মাহত গৰম বন্ধৰ সময়ছোৱাত শিশু আৰু অভিভাৱকসকলক সামৰি গোৱালপাৰাৰ পঞ্চৰত্ন ইক’ কেম্পত এটা গ্ৰীষ্মকালীন বিশেষ শিৱিৰৰো আয়োজন কৰাৰ কথা ঘোষণা কৰে৷

১০০ দিনত ২৫ টা শৃংগ আৰোহণৰ এক বৃহৎ অভিযানৰ লক্ষ্য অসম পৰ্বতাৰোহণ সন্থাৰ

উল্লেখযোগ্য যে সোমবাৰে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে বিগত বৰ্ষত সন্থাই আয়োজন কৰা বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ অভিযান আৰু প্ৰশিক্ষণ কাৰ্যসূচীসমূহত সফলতা লাভ কৰা আৰু অংশ গ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰ ভিতৰত লাডাখৰ তিনিটা ভাৰ্জিন পীকলৈ সন্থাই চলোৱা ত্ৰিপল্‌ পীক এক্সপেডিচন এণ্ড ক্যাগাৰ লা ট্ৰেকিং অভিযান, তিনিজন সদস্যই এভাৰেষ্ট বেচ কেম্পলৈ কৰা ট্ৰেকিং অভিযান, গোৱালপাৰাৰ পঞ্চৰত্ন ইক’ কেম্পত অনুষ্ঠিত গ্ৰীষ্মকালীন শিৱিৰৰ লগতে ৫৬ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিবিৰ আৰু ৩৪ সংখ্যক চিলড্ৰেন অৰিয়েণ্টেচন কেম্পত অংশগ্ৰহণকাৰীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়৷

১০০ দিনত ২৫ টা শৃংগ আৰোহণৰ এক বৃহৎ অভিযানৰ লক্ষ্য অসম পৰ্বতাৰোহণ সন্থাৰ

সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰ নাথ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আঁত ধৰি মুখ্য আহ্বায়ক সত্যেন শৰ্মাই অসম পৰ্বতাৰোহণ সন্থাৰ ইতিহাস আৰু বিভিন্ন সফলতাৰ খতিয়ান দিয়ে৷ সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাই লাডাখত শেহতীয়াকৈ সন্থাই সফলতাৰে অভিযান চলাই এটা নামহীন শিখৰ আহোম বীৰ লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলৈ সক্ষম হোৱাৰ কথা গৌৰৱেৰে ঘোষণা কৰে৷

অনুষ্ঠানত সন্থাৰ জ্যেষ্ঠ সদস্য ৰাজেন্দ্ৰ প্ৰসাদ গৌতম, দীনেশ চন্দ্ৰ দাস, ৰতন বসুমতাৰীকে ধৰি বহুসংখ্যক জ্যেষ্ঠ পৰ্বতাৰোহী উপস্থিত থাকে৷

অসম পৰ্বতাৰোহণ সন্থা