অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ'২৩ : প্ৰাইজমানি দিহানাম, জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন

অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ'২৩ : প্ৰাইজমানি দিহানাম, জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ'২৩ : প্ৰাইজমানি দিহানাম, জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটী: অহা ৫ ৰ পৰা ১৯ নবেম্বৰলৈ ৰাজ্যৰ সমাজসেৱা খণ্ডৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন "সদিচ্ছা"ৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব অসম ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ, ২০২৩। ৫ নবেম্বৰৰ দিনা বিয়লি ৪.৩০ বজাত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰা আৰু হস্ততাত- বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বন্তি প্ৰজ্বলন কৰি এই মেলাখন উদ্বোধন কৰিব। স্বনামধন্য অভিনেত্ৰী মলয়া গোস্বামী, মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী, ড.অক্ষতা নাৰায়ণ আদিয়ে এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ লব।

Advertisment

মেলাখনৰ লগত সংগতি ৰাখি বাণিজ্য মেলাথলীত সদিচ্ছাই বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰিছে। অহা ৯ আৰু ১০ নবেম্বৰত আয়োজিত লোকৰত্নগৰ্ভা ড° ডলী দাস সোঁৱৰণি প্ৰাইজমানি দিহানাম প্ৰতিযোগিতা পুৰুষ-মহিলা উভয়ৰ বাবে মুকলি থাকিব। দিহানামৰ বাবে যোগদানৰ অন্তিম তাৰিখ ৭ নবেম্বৰ আৰু পঞ্জীয়নৰ মাচুল ১০০ টকা ধাৰ্য কৰা হৈছে । প্ৰতিযোগিতাখনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ১০,০০০টকা, ৫,০০০টকা আৰু ৩,০০০টকা ধাৰ্য কৰা হৈছে।

এই ক্ষেত্ৰত যোগাযোগৰ নম্বৰ হৈছে ৯৪০১৪৯৯০৯০। লগতে ১৬ বছৰৰ উৰ্দ্ধৰ যুৱতী আৰু মহিলাৰ বাবে জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ ১৩ নবেম্বৰ আৰু পঞ্জীয়নৰ মাচুল ২০০ টকা নিৰ্দ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰত জানিবৰ বাবে যোগাযোগৰ নম্বৰ ৭০০২৯৫৭১৫৯।

ইফালে ৮ নবেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত পৰিৱেশ সচেতনতা সন্দৰ্ভত বিশেষভাৱে সক্ষম শিশুৰ এক অনুষ্ঠানো আয়োজিত হব।উল্লেখ্য যে, এইবাৰৰ ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ইৰাণ, থাইলেণ্ড , বাংলাদেশ, আফগানিস্তান আৰু শ্ৰী লংকাৰ বিভিন্ন সামগ্ৰী উপলব্ধি হ'ব মেলাখনত।

trade fare