৮টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ১০ মে’ত সম্পূৰ্ণ কৰিব দ্বিতীয় বৰ্ষপূৰ্তিৰ । বৰ্ষপূৰ্তিৰ পূৰ্বেই মঙলবাৰে শংকৰদেৱ কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ নেতৃত্বত বহু কেইটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সৈতে স্বাক্ষৰিত হৈছে বুজাবুজি চুক্তি
৮টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ১০ মে’ত সম্পূৰ্ণ কৰিব দ্বিতীয় বৰ্ষপূৰ্তিৰ । বৰ্ষপূৰ্তিৰ পূৰ্বেই মঙলবাৰে শংকৰদেৱ কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ নেতৃত্বত বহু কেইটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সৈতে স্বাক্ষৰিত হৈছে বুজাবুজি চুক্তি ।

ৰাজ্য খনক উদ্যোগিক ক্ষেত্ৰত অধিক আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত ৮২০১ কোটি টকাৰ MoU চুক্তিৰ স্বাক্ষৰিত হৈছে । মঙলবাৰে মহানগৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ সমাৰোহ অনুষ্ঠিত হয় ।

এই চুক্তিতে ৯টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰিত কৰিছে । চুক্তি অনুসৰি পেপছিয়ে নলবাৰী জিলাত স্থাপন হ’ব উদ্যোগ, পেপছিয়ে স্নেকছ ফুডৰ উদ্যোগ স্থাপন কৰিব । টেলকম চিমেন্টে উমৰাংছুত ৪৬৫৩ কোটি ব্যয়ৰে স্থাপন কৰিব উদ্যোগ ।

ষ্টাৰ চিমেন্ট ৰাজ্যত বিনিয়োগ কৰিব ৬৪০কোটি টকা ব্যয় কৰিব । বৰুণ লিমিটেডে ১৪৪ কোটি টকা বিনিয়োগেৰে ছফ্ট ডিংকছ তৈয়াৰ কৰিব, লগতে বৰুণ গ্ৰুপে ছলাৰ পাৱাৰো নিৰ্মাণ কৰিব ৰাজ্যত ।

তাজ চিমেন্ট বিনিয়োগ কৰিব ৩৪২ কোটি টকা । ডি এছ গ্ৰুপে ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণৰ বাবে বিনিয়োগ কৰিব ১৪০ কোটিৰ ধন । আদানী গ্ৰুপৰ সৈতে AIDC ৰ বুজাবুজি চুক্তি, অসমৰ পৰা বস্তু বিদেশলৈ পঠাবৰ বাবে চুক্তি।

চুক্তি অনুসৰি আইফোন নিৰ্মাণৰ প্লাণ্টো নিৰ্মাণ কৰা হ'ব। কাজিৰঙা আৰু গুৱাহাটীত দুখনকৈ পঞ্চ তাৰকা হোটেল নিৰ্মান হব ।

৮টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ...
ভাৰত আৰু ম্যানমাৰৰ যুটীয়াভাৱে চিটৱে বন্দৰৰ শুভ উদ্বোধন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in