Advertisment

'মন্ত্ৰী অশোক সিংহলে মন্ত্ৰীত্বৰ যোগ্যতা হেৰুৱাইছে'- অসম চিভিল চ'ছাইটি...

মন্ত্ৰী অশোক সিংহলে নিজৰ সাম্প্ৰদায়িক পৰিচয় দাঙি ধৰাৰ লগতে জনপ্ৰতিনিধি আৰু মন্ত্ৰীৰূপে পাঠ কৰা শপতবাক্য ভংগ কৰি মন্ত্ৰীত্বৰ যোগ্যতা হেৰুৱাইছে৷

author-image
Asomiya Pratidin
New Update
'মন্ত্ৰী অশোক সিংহলে মন্ত্ৰীত্বৰ যোগ্যতা হেৰুৱাইছে'- অসম চিভিল চ'ছাইটি...

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ঢেকীয়াজুলিৰ এখন সভাত মুকলিকৈ সাম্প্ৰদায়িক মন্তব্য কৰি পৰৱৰ্তী সময়ত গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলৰ আগত মন্ত্ৰী অশোক সিংহলে মহাপুৰুষীয়া সংস্কৃতি ভাওনাৰ প্ৰতি চৰম অপমানসূচক মন্তব্য কৰি বিতৰ্কৰ সূচনা কৰিছিল। ৰাজ্যজুৰি অব্যাহত থকা এই বিতৰ্ক সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চিভিল ছ'চাইটিয়ে।

Advertisment

এই বিবৃতিত চিভিল চ'ছাইটিৰ সভাপতি হাফিজ ৰছিদ আহমদ চৌধুৰী আৰু সাধাৰণ সম্পাদক মছদ্দৰ হুছেইনে মন্ত্ৰী অশোক সিংহলক অসমীয়া জাতীয় সত্বাৰ প্ৰতি ভাবুকি আখ্যা দিছে। 

বিবৃতিত চ'ছাইটিয়ে কয়, অসম মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংহলে কিছুদিন পূৰ্বে চহকী অসমীয়া ঐ্তিহ্য ভাওনা আৰু মিঞা বুলি অভিহিত বঙ্গমূলীয় অসমীয়া মুছলমান সমাজৰ প্ৰতি অৱমাননাসূচক মন্তব্য কৰি অসমীয়া জাতীয় সত্বাৰ প্ৰতি প্ৰত্যাহবান জনাইছে৷ ভাওনাৰ আয়োজন কৰি নিমন্ত্ৰণ কৰিবলৈ যোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিৰ আগত ভাওনা সম্পৰ্কে অশালীন মন্তব্য কৰা আৰু পাছত তেনে মন্তব্য নাই কৰা বুলি অস্বীকাৰ কৰি সাংবাদিক প্ৰতিনিধিসকলক মিছলীয়া প্ৰতিপন্ন কৰিব বিচৰা আৰু তেওক হেয় কৰিবলৈ অপচেষ্টা চলোৱা বুলি নতুন মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নিজৰ বিশ্বাসযোগ্যতাক লাঘৱ কৰিলে৷

আনহাতে সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি “মিঞা জনগোষ্ঠীৰ লগত তেওঁ নাই৷ তেওঁ এই জনগোষ্ঠীৰ বিৰোধী৷ মিঞাৰ লগত কোনোবা গলে তেওঁ সেইসকলকো এৰি দিব” বুলি বৈষম্যমূলক মন্তব্য কৰিছে৷ উক্ত মন্তব্যৰ জৰিয়তে মন্ত্ৰী অশোক সিংহলে নিজৰ সাম্প্ৰদায়িক পৰিচয় দাঙি ধৰাৰ লগতে জনপ্ৰতিনিধি আৰু মন্ত্ৰীৰূপে পাঠ কৰা শপতবাক্য ভংগ কৰি মন্ত্ৰীত্বৰ যোগ্যতা হেৰুৱাইছে৷

অশোক সিংহলে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি অহাটো অসম চিভিল ছ’চাইটিয়ে লক্ষ্য কৰি আহিছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচলন কৰা ভাওনা আৰু বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ সম্পৰ্কত কৰা সাম্প্ৰদায়িক অৱমাননাকৰ মন্তব্যক অসম চিভিল ছ’চাইটয়ে তীব্ৰ নিন্দা কৰিছে আৰু তেওঁক জনপ্ৰতিনিধিৰ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ আৰু ভৱিষ্যতে কোনো জনগোষ্ঠীয় সমাজ আৰু সংস্কৃতিৰ প্ৰতি অৱমাননকাৰ মন্তব্য দিয়া আৰু বৈষম্যমূলক আচৰণ কৰাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে৷।

ভাওনা অশোক সিংঘাল