Advertisment

পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সঁহাৰি

পুহমহীয়া শীতকো নেওচি আজি অষ্টম দিনা গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশে উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ 

author-image
Asomiya Pratidin
New Update
পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সঁহাৰি

ডিজিটেল সংবাদ গুৱাহাটীঃ পুহমহীয়া শীতকো নেওচি আজি অষ্টম দিনা গ্ৰন্থপ্ৰেমীৰ বিপুল সমাৱেশে উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷  সমান্তৰালভাৱে বিপণীত বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ ৷

Advertisment

ইপিনে আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে লেখক-পাঠক সমাৰোহ ৷ এই অনুষ্ঠান উদ্বোধন কৰি বড়ো সাহিত্য সভাৰ উপ-সভাপতি ড° প্ৰশান্ত বড়োৱে কয় যে, লেখকসকল পাঠকৰ মুখামুখি হোৱাটো অতি দৰকাৰী ৷ আগতে এনে সুবিধা নছিল ৷ এতিয়া অসম গ্ৰন্থমেলাই এই সুবিধা প্ৰদান কৰি লেখক-পাঠক উভয় পক্ষকে উপকৃত কৰিছে ৷ কাৰণ ইয়াত লেখকে পাঠকৰ চাহিদাৰ বিষয়ে জানিব পাৰে আৰু সেইমৰ্মে ভাল সৃষ্টিৰ অনুশীলন কৰিব পাৰে ৷

পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সঁহাৰি

সাহিত্য-সমালোচক, অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই সঞ্চালনা কৰে এই অনুষ্ঠানটো ৷ তেওঁ কয় যে পাঠকসকলেই লেখকৰ মূল চালিকা শক্তি ৷ এখন অভিজ্ঞ পঢ়ুৱৈ সমাজ গঢ়ি নুঠিলে লেখকসকলৰ সৃষ্টিয়ে আকাংক্ষিত ফল লাভ কৰাত উজুটি খাব ৷ লেখকৰ পৰা পাঠকে কি বিচাৰে সেইটো জানিব পাৰিলে ভাল ৷ এই অনুষ্ঠান দৰাচলতে সেইখন মঞ্চ য’ত উভয় পক্ষই মতবিনিময় কৰিব পাৰে ৷

ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে লেখক-সমালোচক ভাস্কৰজ্যোতি নাথে ৷ তেওঁ কয় যে, লেখকক লগ পাবলৈ পঢ়ুৱৈ সমাজৰ ইচ্ছা থাকেই ৷ এই অনুষ্ঠানে পাঠকৰ সেই ইচ্ছা পূৰণ কৰে ৷ সাহিত্য সন্দৰ্ভত , প্ৰচলিত ধাৰা সন্দৰ্ভত সাধাৰণ পঢ়ুৱৈ সকলৰো নিশ্চয় মতামত থাকে ৷ ইয়াত সেয়া প্ৰকাশ কৰিব পাৰি ৷

লেখক-পাঠক সমাৰোহত অংশগ্ৰহণ কৰে পূৰৱী বৰুৱা, নিভাৰাণী ৰয়, উৎপল ডেকা, বেবী ভূঞা, দীপশিখা ভাগৱতী, মিলন নেওগ, প্ৰণৱ শৰ্মা, দেৱীকা দত্ত, বন্দনা খটনিয়াৰ, প্ৰিয়াসী নেওগ, নিজৰা হাজৰিকা, প্ৰীতিৰেখা ভূঞা, নিউটন বসুমতাৰী, অজিত শৰ্মা, নৱজ্যোতি নাথ, পুৰন্দৰ পাটগিৰি, বেবি ভূঞা, মাইনী চমুৱা, মনালিছা শৰ্মা, মন্দিৰা গগৈ, কমল কুমাৰ, কংকনা ঠাকুৰীয়া, প্ৰাঞ্জল এ শৰ্মা, দ্বীপৰাজ, হিমংশু ভাগৱতী, দিম্পী ভৰালী, সমুদ্ৰদেৱ ফুকন ৷

বিয়লি আন এখন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ বাকৰিত ৷ “সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তাঃ প্ৰত্যাহ্বান আৰু সম্ভাৱনা” শীৰ্ষক এই সত্ৰখন উদ্বোধন কৰে বিশিষ্ট লেখক, অধ্যাপক ড° ছাইদুল ইছলামে ৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাক এতিয়া আৰু কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷ এয়া বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হৈ গৈছে ৷ সাহিত্যতো হৈছে ৷ অনাগত সময়ত সৃষ্টিশীলতাক কৃত্ৰিম বুদ্ধিমত্তাই কেনেদৰে প্ৰভাৱিত কৰিব সেয়া অৱশ্যেই চিন্তা কৰিবলগীয়া বিষয় ৷ কাৰণ অন্য ক্ষেত্ৰ আৰু সৃষ্টিশীল কৰ্মৰ ক্ষেত্ৰখনৰ মাজত পাৰ্থক্য আছে ৷

অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট লেখক, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড° অতনু কুমাৰ দত্তই ৷ তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা সৃষ্টিশীল জগতখনলৈ প্ৰত্যাহ্বান আহিব পাৰে ৷ ইতিমধ্যে আহিছেই ৷ সৃজনীশীল কামত কৃত্ৰিম বুদ্ধিমত্তা বাধাৰ প্ৰাচীৰ হ’ব পাৰে ৷ মানুহেই এয়া ৰোধ কৰিব লাগিব ৷ কৃত্ৰিম বুদ্ধিমত্তাই যাতে আমাক নিৰ্দেশ দিব নোৱাৰে, আমি যাতে কৃত্ৰিম বুদ্ধিমত্তাৰ দাসত্ব অৰ্জন নকৰো তাৰ প্ৰতি আমি সজাগ-সচেতন হৈ থাকিব লাগিব ৷

পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সঁহাৰি

ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰে লেখক-সমালোচক ৰতন সাউদ,সমীৰ শাণ্ডিল্য, ৰাষ্ট্ৰপতি ভৱনৰ শীৰ্ষ বিষয়া পংকজ প্ৰতীম বৰদলৈ, বিশিষ্ট লেখক-গৱেষক ড° ধৃজ্যোতি কলিতাই ৷

স্মৃতিগ্ৰন্থ উন্মোচন

আজি বিয়লি ৫ বজাত উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয়—“ৰাজ্য চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰাটো আনন্দৰ বতৰা ৷ অসম গ্ৰন্থমেলাতো কিতাপ বিক্ৰী ভাল বুলি জানিব পাৰিছোঁ ৷ তাৰমানে গ্ৰন্থৰ জয়যাত্ৰা অব্যাহত আছে ৷ ২০২৪ বৰ্ষত অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে ৷ আশা কৰিছোঁ অনাগত সময়তো অসমীয়া ভাষা-সাহিত্যৰ জয়যাত্ৰা অব্যাহত থাকিব ৷”

স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক হৰেন কলিতাকে ধৰি আন আন বিষয়ববীয়াসকল । স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদক মিহিৰ দেউৰী আৰু সম্পাদকদ্বয় হৈছে দেৱজিৎ বৰা আৰু গৌতম বৰ্মন ৷

অসম গ্ৰন্থমেলা গ্ৰন্থ মেলা