/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-29/ie0thv25/178.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত গুৱাহাটীৰ মাছখোৱাৰ ঈদগাহ খেলপথাৰত ২৮ আৰু ২৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম দৃষ্টিহীন ক্ৰিকেটৰ ছোৱালীৰ দলটোৰ ক্ৰিকেট প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই টুৰ্ণামেণ্টত লক্ষীমপুৰ, যোৰহাট, গুৱাহাটী, নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ভালেমান দৃষ্টিহীন ছোৱালী ক্ৰিকেটাৰে অংশগ্ৰহণ কৰে।
খেলসমূহত অসম দৃষ্টিহীন ল'ৰাৰ ক্ৰিকেট দলৰ খেলুৱৈ হোমেন বৰগোহাঁয়ে প্ৰশিক্ষণ প্ৰদান কৰে। টিম মেনেজাৰ সুশীল পৌৰেলে খেলসমূহ পৰিচালনা কৰে। দৃষ্টিহীন খেলুৱৈসকলক গুৱাহাটীৰ সূৰুযমল জোহৰমল চাংগানেৰিয়া ধৰমশালা ট্ৰাষ্টৰ উদ্যোগত থকাৰ সু-ব্যৱস্থা কৰি দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-29/xa2trcfw/9781dbe6-bb5c-4bef-8047-b2e234eab8e7.jpg)
উল্লেখ্য যে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত ভাগ লোৱাৰ উদ্দেশ্যে সংস্থাৰ উদ্যোগত এনেধৰণৰ প্ৰশিক্ষণসমূহ নিয়মীয়াকৈ অনুষ্ঠিত কৰি অহা হৈছে। দৃষ্টিহীনসকলৰ মাজত ক্ৰিকেটৰ প্ৰসাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ এ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-29/kg107ht1/002112f1-ed86-4a59-b4af-3fadf1679fd4.jpg)
ইতিমধ্যে অসম দৃষ্টিহীন ল'ৰা আৰু ছোৱালীৰ দল গঠন কৰা হৈছে আৰু আন্তঃৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ দুয়োটা দলে খ্যাতি অৰ্জন কৰিছে ।