ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ এই তদন্তকাৰী গোটে পুনৰ আন এজন এ পি এছ বিষয়াক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছি।
এইগৰাকী এ পি এছ বিষয়া হৈছে অনলজ্যোতি দাস। এ পি এছ অনলজ্যোতি দাস ৫ জানুৱাৰী, শুকুৰবাৰে চি আই ডিৰ কাৰ্যালয়ত এছ আই টিৰ সন্মুখত হাজিৰ হ'বলাগিব। ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অনলজ্যোতিক ইতিমধ্যে নিলম্বন কৰা হৈছে।