গুৱাহাটীত এছিয়ান পেইণ্টছৰ 'বিউটিফুল হোম ষ্টুডিঅ' মুকলি

গুৱাহাটীত এছিয়ান পেইণ্টছৰ 'বিউটিফুল হোম ষ্টুডিঅ' মুকলি

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত এছিয়ান পেইণ্টছৰ 'বিউটিফুল হোম ষ্টুডিঅ' মুকলি

ডিজিটেল ডেস্ক : দেশৰ অন্যতম জনপ্ৰিয় ব্যৱসায়িক প্ৰতিষ্ঠান হৈছে এছিয়ান পেইণ্টছ। এই বহুজাতিক প্ৰতিষ্ঠানটিয়ে মঙলবাৰে গুৱাহাটীৰ লখৰাত এটি অত্যধুনিক বিউটিফুল হোম ষ্টুডিঅ' নামেৰে এটি ষ্টুডিঅ' মুকলি কৰে।

Advertisment

উত্তৰ-পূৰ্বঞ্চলৰ প্ৰতিজন গ্ৰাহকে যাতে ঘৰ নিৰ্মাণ, ঘৰৰ আভ্যন্তৰীণ সজ্জা, বিলাসীতা আদিৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সামগ্ৰী সহজে লাভ কৰিব পাৰে তাৰ বাবে এই ষ্টুডিঅ'টি মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে। নৱনিৰ্মিত ষ্টুডিঅ'টিত গৃহ নিৰ্মাণ তথা গৃহ প্ৰৱেশৰ প্ৰাকমুহূৰ্তত প্ৰয়োজনীয় প্ৰায়ভাগ গুণগত আৰু উন্নতমানৰ সামগ্ৰীয়ে উপলৱদ্ধ হ'ব বুলি জনায়।

এছিয়ান পেইণ্টছে গুৱাহাটী তথা উত্তৰ-পূবত বজাৰ দখলৰে নতুন অধ্যায় ৰচনা কৰাৰ সমান্তৰালকৈ গ্ৰাহকক উপযুক্ত মূল্যত বিলাসী সামগ্ৰী যোগান ধৰাৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানটি মুকলি কৰে। এই ষ্টুডিঅ'টিৰে জড়িত হৈ আছে বিনায়ক ফাৰ্নিচিং। এছিয়ান পেইণ্টছ আৰু বিনায়ক ফাৰ্নিচিঙৰ যৌথ প্ৰচেষ্টাত 'বিউটিফুল হোম ষ্টুডিঅ'টি নিৰ্মাণ কৰা হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে লখৰাত মুকলি কৰা ষ্টুডিঅ'টি দুটা মহলাযুক্ত আৰু প্ৰায় ১৬,০০ বৰ্গফুট জুৰি বিস্তৃত। 'বিউটিফুল হোম ষ্টুডিঅ' হৈছে দেশৰ দ্বিতীয় আৰু উত্তৰ-পূবৰ প্ৰথমটো গৃহসজ্জাৰ ষ্টুডিঅ'।

নৱনিৰ্মিত হোম ষ্টুডিঅ'টিত বিভিন্ন আচ-বাবৰ উপৰি ঘৰৰ মজিয়াত ব্যৱহৃত কাপোৰ, দলিচা, বিচনা, ৱালপেপাৰ, ব্লাইণ্ড, ফিটেড ৱাৰ্ডৰোব, শিল্পকলা আদি পোৱা যাব। উল্লেখযোগ্য যে এই ষ্টুডিঅ'টিৰে দেশৰ ভালেকেইগৰাকী আগশাৰীৰ ডিজাইনাৰ জড়িত হৈ আছে। ইয়াৰ ভিতৰত সব্যসাচী, সৰিতা হোণ্ডা আদি অন্যতম।

মঙলবাৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত এছিয়ান পেইণ্টৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। অনুষ্ঠানত পৰিচালন সঞ্চালক অমিত চিংগলে কয় যে, গুৱাহাটীত মুকলি কৰা এই ষ্টুডিঅ'টিৰ জৰিয়তে গ্ৰাহকক উন্নতমানৰ সামগ্ৰী যোগান ধৰা আৰু গ্ৰাহকক সন্তুষ্টি প্ৰদান কৰা। গ্ৰাহকৰ সন্তুষ্টিয়ে আমাৰ প্ৰতিশ্ৰুতি।

লগতে কয়- বিউটিফুল হোমছ ষ্টুডিঅ'ৰ বাবে দ্বিতীয় স্থান হিচাপে গুৱাহাটীক বাছনি কৰাটো কৌশলগত আৰু গুৰুত্বপূৰ্ণ। গুৱাহাটীৰ দ্ৰুত বিকাশ হৈছে। মহানগৰখনে এক সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিছে বুলি তেঁও মন্তব্য কৰে।

Also Read: ৰামঠগন : ইনষ্টাগ্ৰামৰ জৰিয়তে ৩০০টকাৰ নকল সোণ ৬কোটি টকাত বেচিলে এগৰাকী যুৱকে...

Asian Paints