/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ac16f93a-c64c-4a6b-975e-e4e045bfc367/P_new.jpg)
ডিজিটেল ডেস্কঃ যোৱা ১৬ জুলাই দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট সাহিত্যিক, কবি, অনুবাদক, ঔপন্যাসিক, নাট্যকাৰ, অভিনেতা, সুবক্তা, মানৱতাবাদী লেখক, সাহিত্যিক পেন্সনাৰ অশ্বিনী বেজবৰুৱাৰ নৱতম ইংৰাজী গ্ৰন্থ 'দ্যা ইকো' (উন্মোচক ড° অৱনী কুমাৰ ভাগৱতী), ' দ্যা ষ্ট'ৰি অৱ ওৱাল' ( উন্মোচক তৰেণ বড়ো) আৰু 'পিলগ্ৰিমেজ' ( উন্মোচক দেৱপ্ৰসাদ মিশ্ৰ)ৰ শুভ উন্মোচনী অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। সোমবাৰেও বেজবৰুৱাৰ পুথি য়ুমৰাং আপ্পুন, শান্তিতীৰ্থ আৰু প্ৰাচীৰ শীৰ্ষক গ্ৰন্থ কেইখনৰ নিজে কৰা অনুবাদৰ শুভ উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/aca16ca0-4f4d-4bb5-8281-9bbd4a8db5cb/0fa6d135_207e_46a3_bc80_3d3b14a86085.jpg)
আটলান্টা বৰুৱাৰ বৰগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটো মাহেকীয়া আলোচনী 'জোনাক' আৰু 'উত্তৰ পুৰুষৰ মঞ্চ'ৰ সহযোগত অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথিৰ আসন শুৱনি কৰা লোক-সংস্কৃতিৰ গৱেষক, অৱসৰী অধ্যক্ষ ড° অনিল শইকীয়াই নিজস্ব ভাষণত কয় যে-- ' জীৱন বাটত সকলো হেঙাৰ হাঁহিমুখে আঁতৰাই থৈ, দৈন্যক হেলাৰঙে পৰাভূত কৰি, এটি সুনিৰ্দিষ্ট পথৰ সীমা অনিৰুদ্ধ গতিৰে অতিক্ৰম কৰি সমাজৰ উচ্চ শিখৰত আৰোহণ কৰা এজন বিস্ময়কৰ মানুহ অশ্বিনী বেজবৰুৱাক হাজাৰবাৰ অভিনন্দন।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0c02f21f-0a5a-4663-ba13-533e33d10209/4cc1dd77_4382_411a_82e3_1e2fb5c5e25d.jpg)
ড° অৱনী কুমাৰ ভাগৱতীয়ে কয় যে, আদিতে অসমীয়া ভাষাৰ উত্তৰণৰ দিশত লেখত ল'বলগীয়া ৫০জন মান ব্যক্তিয়েহে অনবদ্য অৱদান আগবঢ়াই অসমীয়া ভাষাটো চহকী কৰি তুলিছিল। লগতে সহকৰ্মী, বড়ো সাহিত্য সভাৰ দুবাৰৰ সভাপতি তৰেণ বড়োৱে কয় যে, ইংৰাজী ভাষাত প্ৰবল ব্যুৎপত্তি থকাৰ বাবে বেজবৰুৱাৰ অনুদিত গ্ৰন্থই আন্তঃৰাষ্ট্ৰীয় চাহিদা পাবলৈ সক্ষম হ'ব। আনহাতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক দেৱ প্ৰসাদ মিশ্ৰই কয় যে স্মৰণাতীত কালৰ পৰাই গ্ৰন্থ এখনে সকলো সভ্যতাতে উচ্চ আসন লাভ কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9d08e7a4-17dd-4da5-ad32-c8db7844cce6/6cd6326c_e85e_4922_a93e_5721ce7e19f7.jpg)
শ্ৰোতা-দৰ্শকেৰে ভৰি পৰা মনোজ্ঞ অনুষ্ঠানটোত ৬৭খন গ্ৰন্থৰ ৰচক অশ্বিনী বেজবৰুৱাই নিজস্ব ভাষণেৰে উপস্থিত সুভানুধ্যয়ী সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি মৰম যঁচাৰ বাবে অনুপ্ৰাণিত হোৱা বুলি মত প্ৰকাশ কৰে। কবি, লেখক, 'জোনাক' আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত শিশু সাহিত্যিক, উত্তৰ পুৰুষৰ মঞ্চৰ কাৰ্যকাৰী সভাপতি সুৰেন্দ্ৰ মোহন দাসে স্বৰচিত লিমাৰিক পাঠ কৰে। উল্লেখ্য যে, গ্ৰন্থ প্ৰকাশক ধীৰাজ কুমাৰ লহকৰক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত জাগাৰা গাওঁ পঞ্চায়ত আৰু যুৱ মঞ্চ, জাগাৰাই জাপি আৰু ফুলাম গামোচাৰে অশ্বিনী বেজবৰুৱাক মৰম-শুভাষা যাচে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/45ecfde8-8b25-4716-be9c-7c01f2ed1089/c7d04712_4324_4033_a0c1_81605ce5ee5d.jpg)
বেজবৰুৱাৰ সহধৰ্মিণী ৰঞ্জিতা বেজবৰুৱা, পুত্ৰ কৌশিক, বোৱাৰী দেৱশ্ৰী, নাতি আদ্ৰানিকে অতিথিসকলক ফুলাম গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা যঁচা সভাত সমজুৱাৰ তৰফৰ পৰা জাগাৰাৰ অৰবিন্দ বৈশ্য, ভূপেন গোস্বামী, অভয়াপুৰীৰ অৰবিন্দ অধিকাৰী আদি লোকসকলে শুভেচ্ছামূলক ভাষণ ৰখা অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মা, শিশু ৰোগ বিশেষজ্ঞ ডা: মনোৰঞ্জন শৰ্মা, কমলাকান্ত ডেকা, ৰবীন ডেকা, পংকজ বেজবৰুৱা, বিজয় চন্দ্ৰ বেজবৰুৱা, হৰেকৃষ্ণ হালৈ, ববিতা বৈশ্য লহকৰ, ৰাজ কমল কলিতা, নৱ ডেকাসহ অনেক সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।
Also Read: হেমচন্দ্ৰ বৰুৱাৰ অবিহনে অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠা সম্ভৱ নহ'ল হয়...