/asomiyapratidin/media/media_files/2024/12/01/2IHWjSFe5IF4oVAlnVZn.jpg)
ডিজিটেল ডেস্কঃ খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড ব্যতিক্ৰমী বাণিজ্য মেলাত আজি পুৱা ৯ বজাৰে পৰা অনুষ্ঠিত হৈছে চিত্ৰাংকন প্ৰতিযোগিতা। মুঠ তিনিটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে গ্ৰুপ 'এ' পৰ্যায়ত চিত্ৰাংকণৰ বিষয় হৈছে 'গ্ৰাম্য জীৱন'। চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে গ্ৰুপ 'বি'ৰ চিত্ৰাংকণৰ বিষয় হৈছে 'বন্য জীৱন'।সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ গ্ৰুপ 'চি'ৰ শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকণৰ বিষয় হৈছে 'জলবায়ু পৰিবৰ্তন'।
প্ৰতিযোগিতাত অংশ্ৰগ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰতিটো গ্ৰুপৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠক নন্দিনীৰ এই অনুষ্ঠানতে বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ'ব আজিৰ দিনৰ ১২ বজাত।
তাৰ মাজতেই আন কেইবাটাও বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হ'ব। উল্লেখ্য যে, আজি নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ডৰ তৃতীয় তথা অন্তিম দিন। প্ৰতিদিনৰ দৰে আজিও ইয়াৰ বিপণীসমূহ গ্ৰাহকসকলক আকৰ্ষণৰ বাবে সাজু হৈছে।
আজি বিয়লি ৫ বজাৰ পৰা পুনৰ আৰম্ভ হ'ব সাংগীতিক অনুষ্ঠান। বাণিজ্য, খাদ্য আৰু সংগীতৰ সংমিশ্ৰণত আজি পুনৰ জীপাল হৈ পৰিব নন্দিনীৰ বাকৰি।