APSC কেলেংকাৰীত অসম চৰকাৰৰ গা এৰাঃ চাকৰি ঘূৰাই পাব নিলম্বিত বিষয়াই...

অসম লোক সেৱা আয়োগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত যে ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ সেয়া স্পষ্ট হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাত।

author-image
Asomiya Pratidin
New Update
APSC কেলেংকাৰীত অসম চৰকাৰৰ গা এৰাঃ চাকৰি ঘূৰাই পাব নিলম্বিত বিষয়াই...

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নামত প্ৰকৃততে কি চলিছে? আয়োগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ সঠিক তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যে সদিচ্ছাৰ অভাৱ সেয়া স্পষ্ট হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাত। 

Advertisment

অসম লোক সেৱা আয়োগত বক্ৰ পথেৰে চাকৰি লোৱা ২১ গৰাকী বিষয়াক ২০২৩ ত নিলম্বন কৰিছিল ৰাজ্য চৰকাৰে। এই ২১ গৰাকী বিষয়াই পৰৱৰ্তী সময়ত তেওঁলোকৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

নিলম্বিত ৰাজপত্ৰিত বিষয়াসকলৰ আৱেদনৰ ভিত্তিতে বিষয়টোৰ সন্দৰ্ভত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰে ন্যায়ালয়ে। কিন্তু সঠিক সময়ত অসম চৰকাৰে এই ৰাজপত্ৰিত বিষয়াসকলৰ নিলম্বনৰ সন্দৰ্ভত বিচৰা উত্তৰ নিদিলে ন্যায়ালয়ক। বিষয়টোৰ সন্দৰ্ভত গা এৰা দিয়ে ৰাজ্য চৰাকৰে।

এনে পৰিস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰাজপত্ৰিত বিষয়াসকলৰ বিভাগীয় তদন্তৰ লগতে নিলম্বনৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছে। এনে পৰিস্থিতিত এই নিলম্বিত বিষয়াসকলে এতিয়া চাকৰি ঘূৰাই পোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।

উল্লেখ্য যে, বহু জল্পনা কল্পনাৰ অন্তত ২০২৩ ৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহতে এপিএছচি কেলেংকাৰিত নাম সাঙোৰ খাই পৰা ২১ ৰাজপত্ৰিত বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিছিল ৰাজ্য চৰকাৰে৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিলৰ প্ৰায় ডেৰ বছৰৰ পাছত চৰকাৰে এপিএছচিত বক্ৰ পথেৰে চাকৰি লোৱা ৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে ২১ জনক নিলম্বন কৰিছিল৷

নিলম্বিত এই বিষয়াসকলৰ মাজত আছিল ৪ জন এচিএছ বিষয়া, ১১ জন এপিএছ বিষয়া আৰু ৬ জন সংলগ্ন সেৱাৰ বিষয়া।

 

 

এ পি এছ চি গুৱাহাটী উচ্চ ন্যায়ালয় এ পি এছ চি কেলেংকাৰী