/asomiyapratidin/media/media_files/2025/04/17/gG0z77gcQkfdyMj4Os72.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বতাহ তীব্ৰতৰ হোৱাৰ সময়তে ভাৰতীয় জনতা পাৰ্টী আৰু অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ গৃহ বিভাগ তথা আৰক্ষী বাহিনীকহে কংগ্ৰেছৰ প্ৰতিদ্বন্দি কৰি তোলাৰ অভিযোগ কংগ্ৰেছৰ।
আজি ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হৈ থকা ঘটনাৰ কেইবাটাও উদাহৰণ দাঙি ধৰে। কেৱল বঢ়মপুৰ সমষ্টিতে তিনিটা জিলা পৰিষদত তিনিগৰাকীকৈ কংগ্ৰেছৰ প্ৰাৰ্থীক আৰক্ষীয়ে প্ৰত্যক্ষভাৱে শাৰীৰিক, মানসিক নিৰ্যাতন চলাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ কৰাইছে সেয়া উল্লেখ কৰে।
আনহাতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই অভিযোগ কৰি কয়, পাহাৰ আৰু বিটিআৰ অঞ্চলক বাদ দি চাৰিওফালে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। এই সংবাদ মেলৰ পাছতে কংগ্ৰেছ নেতৃত্বই পোনে পোনে ডিজিপি অফিচলৈ আৰক্ষীৰ বেহু ভাঙি আগবাঢ়ে।
‘ঘৰৰ আগত দম, বিজেপিৰ ধন’
ৰাজীৱ ভৱনত আজি সম্বোধন কৰা সংবাদ মেলৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, কালি গোটেই নিশা অকল টেলিফোনত কথা পাতি আছো। পাহাৰ আৰু বি টি আৰ বাদ দি চাৰিওফালে প্ৰাৰ্থীসকলৰ আৰ্তনাদ। এতিয়া ঘৰৰ আগত আৰক্ষীৰ দম আৰু বিজেপিৰ ধন। তেওঁ কয়, ক’ৰবাত আহি পুলিচে দম দিছে, ক’ৰবাত বিজেপি নেতাই ধন দিছে। ক’ত, কি ঘটনা হৈছে তাৰ কিছু সংবাদ মাধ্যমতো প্ৰকাশ পাইছে।
বৰাই কয়, যদি নিৰ্বাচনত আমাৰ প্ৰতিদ্বন্দি পুলিচ হয়, কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীৰ প্ৰতিদ্বন্দি পুলিচ হয়, থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যদি বিজেপিৰ হৈ নেতৃত্ব লয় তেনে নিৰ্বাচন এটা ৰাজনৈতিক দলে কেনেকৈ খেলিব? যদি গৃহ বিভাগ নাথাকে তেনে দেশৰ অৱস্থা কি হ’ব? যদি গৃহ বিভাগে এটা ৰাজনৈতিক দলৰ, ৰাজনৈতিক কাৰ্যসূচীৰ নেতৃত্ব লয় তেনে গণতন্ত্ৰৰ কি হ’ব?
বৰাই আৰু কয়, আজি দুদিনমানৰ পূৰ্বে এজন ছাত্ৰ নেতাই বিহু মঞ্চত কোৱা শুনিছিলো অসমৰ কৰ্ম সংস্কৃতি থানবান কৰি হিতাধিকাৰী নিৰ্ভৰ এটা জাতি এই চৰকাৰে বনাব খুজিছে। কিন্তু এতিয়া পুলিচে যিধৰণে কংগ্ৰেছৰ প্ৰাৰ্থীৰ ওপৰত দম, হেঁচা, নিৰ্যাতন, ভাবুকি আৰম্ভ কৰিছে, বিজেপিৰ প্ৰকৃতাৰ্থত জনসাধাৰণৰ ওপৰত আস্থা আছে নে নাই? জনসাধাৰণৰ ওপৰত যদি আস্থা আছে তেনে পঞ্চায়ত নিৰ্বাচনৰ জনপ্ৰিয়তাৰ তুলাচনীত তেওঁলোক ঠিয় হ’বলৈ কিয় ভয় খাইছে?
বৰাই হিমন্ত বিশ্ব শৰ্মা শংকিত হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি কয়, জন আদালতৰ সন্মুখলৈ যাবলৈ কিয় ভয় কৰিছে? আমি ভয় খোৱা নাই। আমি জয়, পৰাজয়, সাফল্য, ব্যৰ্থতা নভবাকৈ প্ৰাৰ্থী দি আছো। তাৰ মানে বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ চকীখনৰ এটা খুঁটাৰ গজাল উভালি দিলে, সেয়ে হিমন্ত বিশ্ব শৰ্মা শংকিত হৈছে নেকি?
ইউ পি, বিহাৰৰ ৰাজনীতি অসমত !
নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজিৰ সংবাদ মেলৰ আৰম্ভণিতে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰীক পৰিস্থিতিৰ কথা ক’বলৈ গৈ কয় আৰম্ভণিতে কয়, ''আমি শুনিছিলো ইউ পি, বিহাৰত পুলিচ, অপৰাধী আৰু ৰাজনীতিবিদ মিলি এটা নেক্সাছ কৰি তেওঁলোকে কাম কৰে। অসমত অন্ততঃ এইটো কেতিয়াও হোৱা নাছিল।হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰৰ নিৰ্বাচনত যিধৰণৰ নিকৃষ্টি পন্থা অৱলম্বন কৰিছে সেয়া ভাবিলে আচৰিত লাগে।''
তেওঁ কয়, ''একেবাৰে তৃণমূল পৰ্যায়ত গাওঁ পঞ্চায়তৰ নিৰ্বাচন হয়। তৃ্ণমূল পৰ্যায়ত যেতিয়া গাওঁ পঞ্চায়তৰ নিৰ্বাচন হয় তেতিয়া ৰাজনৈতিক দলসমূহে নিজে নিজে প্ৰাৰ্থী দিয়ে। ফলত তৃণমূল পৰ্যায়ত কোন দলৰ জনপ্ৰিয়তা আছে সেয়া ওলাই পৰে।''
সেয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি শংকিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, ''একেবাৰে তৃণমূল পৰ্যায়ত যাতে বিজেপিৰ ‘বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰি’, তেওঁলোকৰ যে গণভিত্তি নোহোৱা হৈছে সেই কথাকে অনুভৱ কৰি সংকিত হৈ এইবাৰ নিয়ম কৰি দিলে গাওঁ পঞ্চায়তৰ নিৰ্বাচনত কোনেও ৰাজনৈতিক দলৰ প্ৰতীকত খেলিব নোৱাৰিব।''
''আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ দুটা পৰ্যায়ত ৰাজনৈতিক দল বিলাকে নিজৰ দলীয় প্ৰতীকত খেলাৰ কথা আহিল। এতিয়া তেওঁলোকে উঠিপৰি লাগিছে আঞ্চলিক পঞ্চায়তৰ সদস্য বা জিলা পৰিষদৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’লে তেওঁলোকৰ মনোনয় প্ৰত্যাহাৰ কৰাত।''
তেওঁ অভিযোগ কৰি কয়, ''বিশেষকৈ পুলিচ বাহিনীৰ কিছুমান বিষয়াই ‘পাৱে পৰি হৰি’ এনেকুৱা ধৰণৰ দেখুৱাই অত্যুতসাহী হৈ তেওঁলোকে বিজেপি দলৰ হৈ কাম কৰিছে। এই সন্দৰ্ভত তেওঁ দাঙি ধৰে কেইবাটাও উদাহৰণ।''
মধ্য অসমৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ তিনিটা জিলা পৰিষদত কি ঘটিছে?
সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ কৰি কয়, ''বঢ়মপুৰৰ বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মাই চাগে সবকে ইতিমধ্যে অলিখিতি আদেশ দিছে যেনে তেনে দেখুৱাব লাগিব কংগ্ৰেছৰ প্ৰাৰ্থীয়ে এইবোৰ অঞ্চলত কোনো প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে।''
সেইবাবেই বিজেপিৰ গুণ্ডা বাহিনী আৰু আৰক্ষীয়ে মিলি তিনিটাকৈ জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, দলৰ পৰা পদত্যাগ আৰু প্ৰাৰ্থিত্ব বাতিলৰ বাবে অপচেষ্টাত লিপ্ত হোৱাই নহয়, এনকাউণ্টাৰৰো ভাবুকি দিছে। যমুনামুখ, বঢ়মপুৰ আৰু কঠীয়াতলী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী তিনিগৰাকীৰ সৈতে হোৱা ঘটনাৰ বিৱৰণো তেওঁ দাঙি ধৰিছে।
যমুনামুখ জিলা পৰিষদৰ প্ৰাৰ্থীৰ লগত কি হ’ল?
সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ কৰি কয়, ''বঢ়মপুৰ বিধানসভা সমষ্টিৰ জিলা পৰিষদৰ সমষ্টি যমুনামুখ মহিলাৰ বাবে সংৰক্ষিত। এই সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰালে জুৰী দাসক।''
বৰদলৈয়ে কয়, ''তেওঁ যিদিনা মনোনয়ন পত্ৰ দাখিল কৰিলে সেইদিনাই কামপুৰ থানাৰ আৰক্ষীয়ে বাটৰ পৰা ধৰি অনা কৰিমুদ্দিন নে ছামছুল্ল নে তেনেকুৱা নামৰ ব্যক্তি এজনে পুলিচক বোলে এফ আই আৰ দিলে, জুৰী দাসৰ স্বামীৰ বিৰুদ্ধে। জুৰী দাসৰ স্বামীয়ে সেই ব্যক্তিজনৰ পকেটৰ পৰা পইচাৰ বেগটো টানি আনিবলৈ হেনো চেষ্টা কৰিছিল।''
''সেই নিশা ৰাতি ১ টা বজাত ১৫/১৬ জন পুলিচ গৈ জুৰী দাসৰ ঘৰ পালে। তেওঁলোকে আৰক্ষীক ভিতৰলৈ সোমাবলৈ নিদিলে। পিছদিনা পুৱা পুলিচে যাতে ধৰিব নোৱাৰে তাৰ বাবে কোনো মতে পিছফালে দি পলাই গুৱাহাটী পালেহি।''
''গুৱাহাটী আহি আমাৰ লগত যোগাযোগ কৰিলে। আমি ক’লো ঘৰলৈ যাওঁক আমি আপোনালোকৰ লগত থাকিম। জুৰী দাস আৰু তেওঁৰ পতি বঢ়মপুৰলৈ ঘূৰি যোৱাত তেওঁৰ পতিক লগে লগে ধৰি বান্ধি কামপুৰ থানাত আবদ্ধ কৰি ৰাখিলে।''
বৰদলৈয়ে কয়, ''মই এই কথা গম পাই লগে লগে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকা আৰু ডিজিপি হৰমীত সিঙক অৱগত কৰিলো। ডিজিপিয়ে মোক সবিশেষ পঠিয়াই দিবলৈ কোৱাত মই হোৱাটছএপত গোটেই কথা লিখি পঠিয়াই দিলো।''
''তেওঁ মোক আস্বস্ত কৰিলে এই বিষয়ে তদন্ত কৰা হ’ব। ইতিমধ্যে জুৰী দাসৰ স্বামীক তেওঁক ৮ ঘণ্টা থানাত বহাই ৰাখিছে। থানাৰ অ’চি সুৰজিত দত্তই নিজেই তোমালোকক এৰেষ্ট কৰিম, ট্ৰেভেল এজেঞ্চী, বাণিজ্যিক প্ৰতিষ্ঠানত গণ্ডগোল থকা বুলি প্ৰমাণ কৰি দিম এইধৰণে মানসিক, শাৰীৰিকভাৱে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে। ''
''ঘটনাৰ বিষয়ে মই ডিজিপি ডাঙৰীয়াক অৱগত কৰাত ডিজিপি ডাঙৰীয়াই হেনো এছ পি ডাঙৰীয়াক ক’লে, এছ পি স্বপ্নীল ডেকাই হেনো অ’চিক নিৰ্দেশ দিলে আৰু ৰাতি ১০-৩০ বজাত জুৰী দাসৰ পতিক এৰি দিলে।
কিন্তু তাৰ পাছতেই মাজৰাতি আকৌ পুলিচৰ সৈতে বিজেপি দলৰ সাংগু-পাংগু, বিজেপি দলৰ নেতা-পালিনেতা গৈ অহৰহ তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে। অৱশেষত জুৰী দাসে প্ৰাণৰ মমতাত নিজৰ মনোনয়ন উঠাই ল’বলৈ ৰাজি হ’ল আৰু বিজেপি দলত যোগদান কৰিবলৈয়ো ৰাজি হ’ল।''
বঢ়মপুৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ সৈতে কি হ’ল?
প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মাধ্যমত কয়, ''মহিলাৰ বাবে সংৰক্ষিত বঢ়মপুৰ জিলা পৰিষদ সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী আছিল পাৰ্বিন চুলতানা। তেওঁৰ স্বামীক পুলিচে গৈ আটক কৰিলে।''
''কোনোবাই বোলে অভিযোগ দিছে তেওঁহেনো মাটিৰ দালাল। পাছত তেওঁক নগাওঁ সদৰ থানালৈ লৈ আনিলে। তেওঁৰ ওপৰত হেনো হত্যাৰ গোচৰো আছে। এই দৰেই অহৰহ তেওঁৰ ওপৰত পৰা হেঁচাৰ ফলত পাৰ্বিন চুলতানায়েও তেওঁৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত ল’লে।''
কঠীয়াতলী জিলা পৰিষদৰ প্ৰাৰ্থীৰ স্বামীক এনকাউণ্টাৰৰ ভাবুকি আৰক্ষী বিষয়াৰ !
প্ৰদ্যুৎ বৰদলৈয়ে আজি সংবাদ মেলত কঠীয়াতলী জিলা পৰিষদৰ প্ৰাৰ্থীৰ সৈতে সংঘটিত ঘটনাৰ কথা বৰ্ণনা কৰি কয়, ''কঠিয়াতলী জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী বৰ্নালী দেৱী। বৰ্নালী দেৱীক অহৰহভাৱে যোৱা তিনিদিন ধৰি মানসিক অত্যাচাৰ কৰাৰ বাবে তেওঁ স্বামীৰ সৈতে বঢ়মপুৰৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাৰ ঘৰত ৰাতি আশ্ৰয় ল’লে।''
''ৰঞ্জিত বৰাৰ ঘৰত আজি ৰাতি এটা বজাত কামপুৰ, চামগুৰি আৰু নগাওঁ সদৰ এই তিনিখন থানাৰ প্ৰায় ৫০/৬০ জন আৰক্ষীয়ে ঘেৰি ধৰিলে। তেওঁলোকে দাবী কৰিলে বৰ্নালী দেৱী আপোনালোকৰ তাত আছে উলিয়াই দিয়ক।''
''বৰ্নালী দেৱী নাই বুলি কোৱাত আৰক্ষীয়ে ক’লে বলুডোজাৰেৰে আমি ঘৰ ভাঙি দিম। গাওঁবুঢ়াকো ক’লে ৰঞ্জিত বৰাৰ ঘৰত তালাচী কৰিব লাগে। ৰাতি ১ বজাৰ পৰা পুৱা ৬ টা বজালৈকে এই প্ৰক্ৰিয়া চলি থাকিল।
অৱশেষত ওচৰৰ মানুহে সবেই সৈমান কৰিলে আৰু ৰঞ্জিত বৰাৰ ঘৰৰ পৰা বৰ্নালী দেৱী আৰু তেওঁৰ স্বামীক কামপুৰ থানালৈ লৈ গ’ল। কামপুৰ আৰক্ষী থানাত সেই একেজন পুলিচ বিষয়া সুৰতিজ দত্তই কয়- আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি গুলীয়াই মাৰিম যদি আপুনি কংগ্ৰেছ দলৰ পৰা পদত্যাগ নকৰে, মনোনয়ন পত্ৰ উঠাই নলয়।''
''বৰ্নালী দেৱী অত্যন্ত সাহসী মহিলা। তেওঁ ক’লে মাৰি দিয়ক, মই মৰিবলৈ সাজু। মোক এতিয়াই গুলী মাৰক। তেওঁ মোবাইল অন কৰি ৰখাৰ বাবে সেই কথা আমাৰ সভাপতিয়ে শুনি আছিল।''
''বৰ্নালী দেৱীয়ে যেতিয়া এইবোৰ কথা ক’লে তেতিয়া পুলিচে আকৌ গৈ বৰ্নালী দেৱীৰ যিগৰাকী প্ৰস্তাৱক আছিল তেওঁক ধৰি আনিলে। আৰু তেওঁক এনেধৰণে গৈ হাশাস্তি কৰিলে, ধমকি দিলে যে তেওঁ অৱশেষত এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি তেওঁৰ সমৰ্থন নাই সেয়া লিখি দিলে।''
সমগ্ৰ অসমতে বিজেপিৰ গুণ্ডা বাহিনী আৰু আৰক্ষীৰ সন্ত্ৰাসৰ অভিযোগ
প্ৰদ্যুৎ বৰদলৈয়ে কেৱল বঢ়মপুৰতে নহয়, সমগ্ৰ অসমতে এনে ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ কৰিছে। তেওঁ উদাহৰণ হিচাপে চতিয়া, দৰং, শোণিতপুৰ আদিৰ কেইবাটাও ঘটনা উল্লেখ কৰিছে।
তেওঁ কয়, ''শোণিতপুৰ জিলাৰ সভাপতি দাদুল বৰকটকীক চতিয়াৰ বিধায়কৰ নেতৃত্বত বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে। তেওঁ হাস্পতালত ভৰ্তি হ’বলগীয়া হ’ল। আমাৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ ফালি দিয়া হ’ল।''
''পুলিচে সকলো চাই থাকে। হয় পুলিচে নিজে কৰে, নহয় বিজেপিৰ গুণ্ডা বাহিনীয়ে এনে কাম কৰে আৰু পুলিচে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ে। এনেধৰণৰ অসংখ্য উদাহৰণ গোটেই অসমৰ পৰা আহিছে। প্ৰত্যকখন গাঁৱৰ পৰা আহিছে।''
বৰদলৈয়ে কয়, ''জাগীৰোডৰ পৰাও এনে উদাহৰণ আহিছে। পীযুষ হাজৰীকাৰ পি এ বুলি কোৱা অপূৰ্ব বৰাই ফোন কৰি কৰি আমাৰ প্ৰাৰ্থীৰ মনোনয়ন উঠাই ল’বলৈ কয়। ঢেকীয়াজুলিত এনে ঘটনা হৈছে, গহপুৰত হৈছে, ধেমাজিত হৈছে, মাৰ্ঘেৰিটাত হৈছে।''
''চাৰিওফালে এনেধৰণে সন্ত্ৰাসিত কৰি আজি পঞ্চায়ত নিৰ্বাচন তেওঁলোকে এইদৰেই চলাইছে যাতে কংগ্ৰেছৰ প্ৰাৰ্থী নাথাকে। কংগ্ৰেছৰ প্ৰাৰ্থীক শাৰীৰিক, মানসিক, বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি মোননয়ন পত্ৰ উঠাবৰ বাবে যেনেদৰে চেষ্টা কৰি আছে তাত আমি আশ্চৰ্য প্ৰকাশ কৰাই নহয়, তীব্ৰ প্ৰতিবাদ কৰো।''
বিজেপি নহয়, কংগ্ৰেছৰ প্ৰতিদ্বন্দি পুলিচ !
সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত এই বিষয়সমূহ উল্লেখ কৰি পুনৰ কয়, ''হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুলিচ বাহিনীক হে কংগ্ৰেছৰ প্ৰতিদ্বন্দি কৰিছে। এনে ধৰণৰ যি সন্ত্ৰাসৰ ৰাজত্ব চলিছে এই পৰিস্থিতিত আমাৰ কৰ্মীসকলে গাঁৱে, ভূঞে পুলিচৰ মোকাবিলা কৰি কেনেকৈ প্ৰতিদ্বন্দিতা কৰিব?''
''কেনেকৈ আমাৰ প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব? যিকোনো মুহূৰ্ততে পুলিচে উঠাই লৈ যাব। ঘৰলৈ আহি, বাটৰ পৰা, বজাৰৰ পৰা পুলিচে তেওঁলোকক লৈ যায়। পুলিচ বাহিনী এনেকুৱা নিম্ন পৰ্যায়লৈ অসমৰ ইতিহাসত কেতিয়াও অৱনমিত হোৱা নাছিল।''