অনুৰাধা শৰ্মা পূজাৰীলৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ ''শ্ৰীশ্ৰী ভট্টদেৱ কথা সাহিত্য সন্মান''...

অনুৰাধা শৰ্মা পূজাৰীলৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ ''শ্ৰীশ্ৰী ভট্টদেৱ কথা সাহিত্য সন্মান''...
অনুৰাধা শৰ্মা পূজাৰীলৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ ''শ্ৰীশ্ৰী ভট্টদেৱ কথা সাহিত্য সন্মান''...

ডিজিটেল ডেস্কঃ সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক, ঔপন্যাসিক, 'সাদিন' আৰু 'সাতসৰী'ৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে মহাপুৰুষ ''শ্ৰীশ্ৰী ভট্টদেৱ কথা সাহিত্য সন্মান''। মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই শ্ৰীশ্ৰী ভট্টদেৱৰ ৪৬৫ সংখ্যক জয়ন্তী উপলক্ষে বুধধবাৰে গুৱাহাটীৰ চানমাৰিৰ মামণি ৰয়ছম গোস্বামী পথত থকা 'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে তেওঁক এই বঁটা প্ৰদান কৰে।

বঁটা প্ৰদান অনুষ্ঠানত শ্ৰীমৎ দেৱদামোদৰ সংঘৰ সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা, মাগদৰ্শক ড০ গোকুলেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী, সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপকে ধৰি বহু কেইজন বিষয়ববীয়া উপস্থিত থকাৰ লগতে সাদিন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, অসমীয়া প্ৰতিদিন, প্ৰতিদিন টাইম, সাদিন, সাতসৰীৰ কেইবাজনো সংবাদকৰ্মী।

অনুষ্ঠানত বঁটা প্ৰদান কৰি সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মাই কয়, আমাৰ গুৰু শ্ৰী শ্ৰী ভট্টদেৱে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমে প্ৰান্তিয় ভাষা অসমীয়া ভাষাত কথা সাহিত্যৰ সৃষ্টি কৰিছিল। তাতোকৈ ডাঙৰ কথা দক্ষিণ পূৱ এছিয়াৰ ভিতৰতে প্ৰান্তিয় ভাষাত প্ৰথম কথা সাহিত্যৰ সৃষ্টি হৈছিল অসমীয়া ভাষাত। ৰামায়ণো প্ৰথম অসমীয়া ভাষালৈ অনুবাদ হৈছিল।

সেয়েহে মহাপুৰুষ শ্ৰীশ্ৰী ভট্টদেৱৰ বিষয়ে জনসাধাৰণৰ জানিব পৰাকৈ তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ে অধিক চৰ্চাৰ বাবে ২০২৩ বৰ্ষৰ পৰা''শ্ৰী শ্ৰী ভট্টদেৱ কথা সাহিত্যসেৱী বৰণ-২০২৩'' প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। কেন্দ্ৰীয়ভাৱে এইবাৰ প্ৰথমবাৰলৈ অসমৰ দুগৰাকী কথা সাহিত্যিকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

তেওঁলোক ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা 'অগ্ৰদূত' কাকতৰ সম্পাদক কনকসেন ডেকা আৰু বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী। যোৱা ১৯ নৱেম্বৰত কনকসেন ডেকাক এই বঁটা প্ৰদান কৰা হয়। কিন্তু সেই দিনটোত অনুৰাধা শৰ্মা পূজাৰী উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁক আজি সাদিন-প্ৰতিদিনৰ কাৰ্যালয়ত আহি এই বঁটা প্ৰদান কৰা হয় বুলি তেওঁ উল্লেখ কৰে।

ইফালে বঁটা গ্ৰহণ কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, মই বৰ অভিভূত হৈছো। কাৰণ আমি ভট্টদেৱ, দামোদৰ দেৱ আদিৰ সাহিত্যৰ বিষয়ে পঢ়াশলীয়া সময়তে পঢ়িছিলো যদিও ইমান চৰ্চা নাছিল। যাৰ বাবে বহু কথা অন্ধকাৰতে থাকি গৈছে। আজিৰ প্ৰজন্মই হঠাতে ক'লে ভট্টদেৱ বা দামোদৰ দেৱৰ লেখাৰ শৈলীৰ বিষয়ে নাজানিব।

তেওঁ লগতে কয়, আজিহে মই জানিব পাৰিলো দক্ষিণ পূৱ এছিয়াত ভট্টদেৱেই প্ৰথম গদ্য সাহিত্য আৰম্ভ কৰিছিল। এই গদ্য সাহিত্যৰ পৰম্পৰা আনিবলৈ তেওঁ বহু সাহস দেখুওৱাবলগীয়া হৈছিল। সেই সাহসেৰে সৈতে শংকৰোত্তৰ কালৰ যিবোৰ পদ্যৰ ৰচনাৱলী সেইসমূহৰ পৰা, ব্ৰজাৱলী ভাষৰ ধাৰাৰ পৰা সম্পূৰ্ণ পৃথকভাৱে গদ্য সাহিত্য লিখিবলৈ আৰম্ভ কৰিছিল। গতিকে ভট্টদেৱৰ নাম জড়িত থকা সন্মান গ্ৰহণ কৰিবলৈ মই নিজকে অযোগ্য বুলিয়েই ভাবো। তাৰ পাছতো তেওঁৰ নাম জড়িত এক সন্মান আজি আহি মোৰ কাৰ্যালয়তে প্ৰদান কৰিছে। এয়া মোৰ কাৰণে চিৰ জীৱন মনত ৰাখিব পৰা এক পবিত্ৰ ক্ষণ।

অনুষ্ঠানতে তেওঁ বঁটা গ্ৰহণ কৰি কয়, বিভিন্ন কাৰণত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ পৰা সাহিত্যৰ ৰচনা নোহোকৈ পৰি ৰৈছে। মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ যিসকল শিষ্য আছে তেওঁলোকে যি বৃহৎ পৰিকল্পনাৰে গুৰু দুজনাৰ অৰিহণা সোঁৱৰি সেইবাৰৰ প্ৰচাৰৰ বাবে আবগাঢ়ি আহিছে তাৰবাবে তেওঁলোকক ধন্যবাদ জনাইছো।

তেওঁ কয়, ভট্টদেৱৰ গদ্য শৈলীৰ বিষয়ে আজিৰ প্ৰজন্মই ভালকৈ চৰ্চা কৰা নাই। তাৰ বহুল প্ৰচাৰৰ কাৰণে আমাৰ বিদ্যায়তনিক ব্যৱস্থাসমূহ ক'ৰবাত থমকি ৰৈছে। দামোদৰদেৱ কোচ বিহাৰলৈ যাবলগীয়া হোৱাৰ পাছত ভট্টদেৱে তেওঁৰ শিষ্য হিচাপে গদ্য সাহিত্যৰ দিশটোলৈ গৈছিল।

শংকৰোত্তৰ কালৰ ব্ৰজাৱলী, সংস্কৃত শব্দৰে ছন্দোবদ্ধ পদ্যৰ পৰম্পৰা তথা প্ৰথাগত নিয়ম ভংগ কৰিছিল ভট্টদেৱে। তেওঁ ব্ৰজাৱলী নাজানিছিল। সেয়ে তেওঁৰ গদ্যৰ ভাষালৈ পশ্চিম অসমৰ শব্দ কিছুমানো আহিছিল।

ইয়াৰোপৰি তেওঁ কয়, হেমচন্দ্ৰ গোস্বামীৰ মতে ভট্টদেৱৰ 'কথাগীতা' প্ৰাঞ্জল ভাষাৰ গদ্য শৈলী। সেই সময়ত পদ্যৰ ধাৰা ভাঙি গদ্য লিখাৰ যি সাহস তেওঁ কৰিছিল সেয়া অসাধাৰণ আছিল। সেই বাবেই ভট্টদেৱ অনন্য। সেয়েহে তেওঁৰ কথা সাহিত্যক আকৌ পোহৰলৈ আনিবলৈ লাগে।

বহু কাৰণত বৌদ্ধিক জগতত কেতিয়াব যোগ্যজনেও সন্মান নাপায়। তেওঁলোকৰ ওপৰত পোহৰ নপৰে। অথচ তেওঁলোক সন্মানৰ যোগ্য আছিল। অসমৰ প্ৰাচীন সাহিত্য বুলি ক'লে আমি যি বুজো, তাৰ সৈতে দামোদৰদেৱ, ভট্টদেৱ, গোপাল আঁতাকে ধৰি সকলোখিনিৰ কথা মনলৈ আহিব। অনন্ত কন্দলী, হেম সৰস্বতী আদিৰ যি পদ্য শৈলীৰ ধাৰা আছিল সেই ধাৰাৰ পৰা আঁতৰি আহি পিছত এটা নতুন ধাৰা অনা মানুহজনৰ নামটো ক'ৰবাত হেৰাই গৈছে।

এই অনুষ্ঠানতে তেওঁ ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিত ভট্টদেৱৰ এখন আখনৰ বাবেও আহ্বান জনাবলৈ কয়। যেতিয়ালৈকে ভট্টদেৱৰ নামত এখন আসন নাথাকিব তেতিয়ালৈকে সেই বিষয়ত পঢ়া শুনা বা গৱেষণা আদিত অকনমান হানি হ'ব বুলি উল্লেখ কৰি পূজাৰীয়ে ইয়াৰ বাবে শীঘ্ৰেই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত এখন আসনৰ দাবী কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ বিষয়ববীয়াসকলে 'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ সঞ্চালক ঋষি বৰুৱাকো সম্বৰ্ধনা জনায়।

অনুৰাধা শৰ্মা পূজাৰীলৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ ''শ্ৰীশ্ৰী ভট্টদেৱ কথা সাহিত্য সন্মান''...
ৰক্তাক্ত ব্ৰাজিল-আৰ্জেণ্টিনাৰ মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in