Advertisment

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষৰ মৃতদেহ...

পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। ভাড়া ঘৰৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰৰ মৃতদেহ। উদ্ধাৰ হোৱা ছাত্ৰজন কাকডোঙাৰ অনিমেষ বৰা বুলি চিনাক্ত।

author-image
Asomiya Pratidin
New Update
 গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। ভাড়া ঘৰৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰৰ মৃতদেহ। 

Advertisment

উদ্ধাৰ হোৱা ছাত্ৰজন দেৰগাঁৱৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষ বৰাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে অনিমেষ বৰা গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

প্ৰাৰম্ভিক খবৰ অনুসৰি যোৱা ১৬ জানুৱাৰীত এটা ভাড়াঘৰত আত্মহত্যা কৰিছিল অনিমেষ বৰাই। ইয়াৰ পূৰ্বে বিহুৰ বন্ধত ঘৰলৈ গৈছিল অনিমেষ। বিহু অন্ত পৰাত পুনৰ গুৱাহাটীৰ ভাড়া ঘৰলৈ ঘূৰি আহিছিল ছাত্ৰজন। 

কিন্তু পৰৱৰ্তী সময়ত ভাড়াঘৰৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মনিমেষৰ মৃতদেহ। পৰিয়ালৰ লোকে সন্দেহ কৰা অনুসৰি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ছাত্ৰজনক। 

অৱশ্যে এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা সেয়া আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে জানিব পৰা যাব। উল্লেখ্য যে, অতি মেধাৱী ছাত্ৰ আছিল অনিমেষ বৰা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ষ্টাৰ নম্বৰ লাভ কৰিছিল। অনুৰূপ ধৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো খুব ভাল ফলাফল কৰিছিল।

তাৰোপৰি অনিমেষ আছিল কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদকো। এইগৰাকী ছাত্ৰই আত্মহত্যা কৰাৰ বিষয়টো মানি লব পৰা নাই কাকডোঙাৰ স্থানীয় লোকেও। সেয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সঠিত তদন্ত কৰিলেহে বিষয়টো স্পষ্ট হব।

 

আত্মহত্যা মৃতদেহ উদ্ধাৰ