ৰাজ্য চৰকাৰে আজি প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা...

ৰাজ্য চৰকাৰে আজি প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা...

author-image
Asomiya Pratidin
New Update
ৰাজ্য চৰকাৰে আজি প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা...

ৰাজ্য চৰকাৰে আজি প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ২৯ নৱেম্বৰ ২০২৩, বুধবাৰে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্তিৰে উত্তীৰ্ণ ৰাজ্যৰ মুঠ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব আনন্দৰাম বৰুৱা বঁটা

Advertisment

জিলা ভিত্তিত আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক বঁটাৰ ধনৰাশি হিচাপে নগদ ১৫হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। বঁটাৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট বেংক একাউণ্ট যোগে লাভ কৰিব।

কলাক্ষেত্ৰৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকে ধৰি ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী উপস্থিত থাকিব।

আনহাতে ৩০ নৱেম্বৰত প্ৰদান কৰা হ'ব ড০ বাণীকান্ত কাকতি মেধা বঁটা। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব।

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ৩৫,৭৭০ গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব স্কুটি। ইয়াৰ বাবে চৰকাৰে ব্যয় কৰিব ২৫৯৫৪.২৯ লাখ টকা।

Also Read: ছিপাঝাৰত আলট্ৰাৰ খুন্দাত এজন নিহতঃ গুৰুতৰভাৱে আহত আন এজন...

হিমন্ত বিশ্ব শৰ্মা ৰণোজ পেগু শিক্ষাবিভাগ