/asomiyapratidin/media/media_files/2025/02/25/9YlS1HiIruuMPOu0CthN.jpg)
ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ (Advantage Assam 2.0) ত অংশগ্ৰহণ কৰি ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমৰ কেইবাটাও খণ্ডক সামৰি আগন্তুক পাঁচ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে। আজি গুৱাহাটীত অনুষ্ঠিত হোৱা এডভাণ্টেজ আছাম ২.০ (Advantage Assam 2.0) ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)ৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশৰ শতাধিক উদ্যোগপতিৰ সন্মুখত ভাষণ প্ৰদান কৰি এই কথা ঘোষণা কৰে মুকেশ আম্বানীয়ে।
তেওঁ নিজৰ ভাষণত অসমৰ প্ৰযুক্তি খণ্ডত ক্ৰমবৰ্ধমান প্ৰাধান্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ অসমৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, এ আইৰ অৰ্থ হৈছে কৃত্ৰিম বুদ্ধিমত্তা। অতি শীঘ্ৰেই এ আইৰ অৰ্থ হ’ব আছাম ইণ্টেলিজেন্স।
ভাষণৰ আৰম্ভণিতে অসমীয়াতে সকলোকে সম্বোধন কৰি আম্বানীয়ে মা কামাখ্যাক স্মৰণ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক অসমক দেশৰ উন্নয়নৰ ক্ষেত্ৰত আগোৱাই অনাৰ কৃতিত্ব দিয়ে।
তেওঁ কয়, ‘প্ৰতিজন অসমীয়া আৰু বৰঞ্চ প্ৰতিজন ভাৰতীয়ৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ আশীৰ্বাদ। আপুনি অসমলৈ চাৰিটা সুবিধা কঢ়িয়াই আনিছে। আপুনি অসমক সীমাৰ পৰা ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ কেন্দ্ৰলৈ লৈ আনিছে। আপুনি অসমক এক্ট ইষ্ট, এক্ট ফাষ্ট, আৰু এক্ট ফাৰ্ষ্টৰ মন্ত্ৰ দিছে। উত্তৰ পূৰ্বাঞ্চলত যোগাযোগ বিপ্লৱৰ এক অভূতপূৰ্ব যুগৰ সূচনা কৰিছে। আপুনি প্ৰযুক্তিক উন্নয়নৰ মূল চালক কৰি তুলিছে। এতিয়ালৈকে অসম চাহৰ স্বৰ্গ হিচাপে পৰিচিত আছিল। আগন্তুক বছৰবোৰত অসমক প্ৰযুক্তিৰ স্বৰ্গ (টেক পেৰাডাইজ) বুলি জনা যাব।’
তাৰোপৰি উদ্যোগপতিগৰাকীয়ে আগন্তুক সময়ত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰিছে। এই কথা উল্লেখ কৰি তেওঁ ২০১৮ ত অনুষ্ঠিত হোৱা এডভাণ্টেজ আছামৰ প্ৰথম সংস্কৰণৰ কথাও সোঁৱৰণ কৰে।
তেওঁ কয়, সেইবাৰ প্ৰথমে ৰিলায়েন্সে অসমত ৫ হাজাৰ কোটি বিনিয়োগৰ সিদ্ধান্ত লৈছিল যদিও পৰৱৰ্তী সময়ত বিনিয়োগৰ পৰিমাণ ১২ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছিল। এইবাৰ ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে ৰিলায়েন্সে কেইবাটাও ক্ষেত্ৰ নিৰ্বাচিত কৰিছে।
সেই অনুসৰি ৰিলায়েন্সে টেকন’লজি এণ্ড এ আই ৰেডিনেছ, স্বচ্ছ আৰু সেউজ শক্তি, গ্ৰাহক আৰু খাদ্য যোগান শৃংখলা, খুচুৰা আৰু হজাৰ সম্প্ৰসাৰণ ক্ষেত্ৰত এই বিনিয়োগ কৰিব। টেকন’লজি এণ্ড এআই ৰেডিনেছৰ ক্ষেত্ৰখনত বিনিয়োগৰ জৰিয়তে ৰিলায়েন্সে অসমত এআই-ৰেডি ডাটা চেণ্টাৰ স্থাপন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক, চিকিৎসক, আৰু কৃষি খণ্ডক সহায় কৰাৰ লগতে যুৱক-যুৱতীসকলক ঘৰৰ পৰা শিকিবলৈ আৰু উপাৰ্জন কৰাত সহায় কৰিব।
স্বচ্ছ আৰু সেউজ শক্তি ক্ষেত্ৰখনত বিনিয়োগৰ জৰিয়তে বহনক্ষম শক্তি সমাধানৰ প্ৰসাৰৰ বাবে কোম্পানীটোৱে ৰাজ্যখনত দুটা বিশ্বমানৰ সংকোচিত জৈৱ-গেছ হাব স্থাপন কৰিব। গ্ৰাহক আৰু খাদ্য যোগান শৃংখলত বিনিয়োগৰ জৰিয়তে অসমক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰলৈ খাদ্য উপভোক্তা সামগ্ৰীৰ মূল যোগানকাৰী হিচাপে স্থান দিয়াটো ৰিলায়েন্সৰ লক্ষ্য হ'ব।
খুচুৰা আৰু বজাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰখনৰ জৰিয়তে অসমৰ খুচুৰা আৰু বিতৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰি বহল বজাৰত একত্ৰিত কৰিব। ৰিলায়েন্সে অসমত তেওঁলোকৰ ষ্টোৰৰ সংখ্যা ৪০০ খনৰ পৰা ৮০০ খনলৈ বৃদ্ধি কৰিব। তাৰোপৰি আতিথ্য আৰু পৰ্যটন ক্ষেত্ৰখনত অসমৰ আতিথ্যক অধিক উন্নীত কৰিবলৈ ৰিলায়েন্সে অসমত এখন বিশ্বমানৰ ৭ তাৰকাযুক্ত অ'বেৰয় হোটেল গঢ়ি তুলিব। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰিলায়েন্সৰ এই বিনোয়গৰ জৰিয়তে প্ৰায় ১২ হাজাৰ লোকে সংস্থাপন লাভ কৰাৰো আশা কৰা হৈছে।