বিশ্বাসঘাটক ! জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ যুৱতীৰ...

বিশ্বাসঘাটক ! জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ যুৱতীৰ...

author-image
Asomiya Pratidin
New Update
বিশ্বাসঘাটক ! জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ যুৱতীৰ...

বিশ্বাসঘাটক ! জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ যুৱতীৰ...

ডিজিটেল ডেস্কঃ যিসময়ত গ্লেমাৰ সৰ্বস্ব এক জীৱনে নতুন প্ৰজন্মক বহু সময়ত বিপথগামী কৰাৰ অভিযোগ উঠিছে সেই সময়ত চৰ্চাত থাকিবলৈ বহুতে যিকোনো ধৰণৰ কৰ্ম কৰাৰ এক মানসিকতা গঢ় লৈছে। এই অভিযোগৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক গুৰুত্বপূৰ্ণ অভিযোগ।

Advertisment

অসমৰ এক জাতীয় সংগঠনৰ নেতৃত্ব দি থকা এজন সংগ্ৰামী নেতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে। বৃহস্পতিবাৰে অত্যাধিক শ্লিপীং টেবলেট সেৱন কৰাৰ বাবে যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

সুস্থ হৈ যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ সৈতে এই সংগ্ৰামী ছাত্ৰ নেতাজনে বিশ্বাসঘাটকতা কৰিছে। যুৱতীগৰাকীৰ ভাষ্যৰ পৰা এই কথা বুজিব পাৰি যে, সেই সংগ্ৰামী নেতাজনৰ সৈতে যুৱতীগৰাকীৰ এক সুসম্পৰ্ক আছিল।

সাহস থাকিলে যুৱতীগৰাকীয়ে নেতাজনক তেওঁৰ পিতৃ, মাতৃৰ ফোন ধৰিবলৈ আৰু তেওঁৰ সন্মুখলৈ আহিবলৈ প্ৰত্যাহ্বান জনায়। অৱশ্যে যুৱতীগৰাকীৰ এই অভিযোগ অস্বীকাৰ কৰিছে একাংশই। কিন্তু যুৱতীগৰাকীৰ অভিযোগ সঁচা বুলি যুৱতীগৰাকীয়ে দাবী কৰাৰ বিপৰীতে ইয়াক মিছা বুলি প্ৰমাণ কৰাৰো দায়িত্ব এতিয়া সেই নেতাজনৰ।

আচলতে কি হৈছিল সেই কথা অসমৰ ৰাইজে জানিব বিচাৰে। কিয়নো এই সংগ্ৰামী নেতাজন কোনো সাধাৰণ লোক নহয়। এটা জাতীয় সংগঠনৰ নেতৃত্ব দিয়া তেওঁ এজন দায়িত্বশীল লোক। অসমীয়া প্ৰতিদিন ডিজিটেলে যুৱতীগৰাকীৰ অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ এই নেতাগৰাকীৰ সৈতে কেইবাবাৰো যোগাযোগ কৰিছিল।

তেওঁৰ সৈতে সংযোগ সম্ভৱ নোহোৱাত এই বিস্ফোৰক অভিযোগৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব পৰা নগ'ল। নিসন্দেহে এই যুৱ ছাত্ৰ নেতাজনৰ বিৰুদ্ধে উত্থাপিত বিশ্বাসঘাটকজনিত এই অভিযোগে ৰাজ্য জোকাৰি গৈছে।

Also Read: অভিযুক্ত হেৰাই যায়, আৰক্ষী অসহায়...

অপৰাধ জাতীয় সংগঠন