/asomiyapratidin/media/media_files/2025/07/13/1-2025-07-13-20-05-36.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী: উত্তৰ-পূর্বাঞ্চলৰ অগ্রণী সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীয়ে বিগত
বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত কৰিছে সদৌ অসম ভিত্তিত চিত্রাংকন আৰু কবিতা প্রতিযোগিতা। চিত্রাংকন প্রতিযোগিতাৰ বিষয় 'গৰমৰ বন্ধ'। দশম শ্রেণী পর্যন্ত অধ্যয়নৰত ছাত্র-ছাত্রীয়ে হোৱাটছএপ যোগে অহা ২০ আগষ্টৰ ভিতৰত চিত্র সমূহ প্ৰেৰণ কৰিব পাৰিব।
চিত্ৰসমূহ নাম, ঠিকনা, ফোন নম্বৰ সংলগ্ন কৰি ৯৮৬৪১১৩৩৭৮, ৯১০১২৪৭১৩৫, ১৮৫৯১২৫৩০০, ৮৪৭২৯৯২৫৬৫ আৰু ৮৩৬৯১৫৪১৪৩ নম্বৰত প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে এনাজৰীয়ে। শ্রেষ্ঠ দহখন চিত্রক শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। ইপিনে সকলো বয়সৰ প্ৰতিযোগীৰ বাবে মুকলি থাকিব কবিতা প্রতিযোগিতা।
ইচ্ছুক প্রতিযোগীয়ে অহা ২০ আগষ্টৰ ভিতৰত কবিতা সমূহ নাম, ঠিকনা আৰু ফোন নম্বৰ সংলগ্ন কৰি এনজৰীৰ কাৰ্যালয়লৈ দ্রুত ডাক যোগে অথবা ডিটিপি কৰি পিডিএফ ফৰমেটত উল্লিখিত নম্বৰ সমূহত হোৱাটছ এপ যোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।
প্রতিযোগীসকলে কবিতাসমূহ এনজাৰী, মাৰফৎ অলশেক ৰঞ্জন ভট্টাচার্য, দ্বাৰকা নগৰ, উদয়ন পথ, প্রান্তিক পথ, গৃহ নং-৫৬, ডাক- খানাপাৰা, পিন-৭৮১০২২, জিলা-কামৰূপ (ম), ঠিকনালৈয়ো প্ৰেৰণ কৰিব পাৰিব। শ্রেষ্ঠ তিনিগৰাকী প্রতিযোগীক শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত পুৰস্কৃত কৰা হ'ব বুলি আজি এটা বিবৃতি যোগে এনাজৰীৰ সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচার্যই জনাইছে।