/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-28.jpg)
ডিজিটেল ডেস্কঃ সদৌ অসম আহোম সভাৰ বৃহত্তৰ কামৰূপ জিলা সমিতিয়ে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা এক বিষয়ৰ ওপৰত এক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত কৰিছে। ''আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধৰ্মনিৰপেক্ষতা তথা উদাৰতাবাদ আৰু বৰ্তমানৰ সময়ত অসমক ইয়াৰ প্ৰাসংগিকতা'' শীৰ্ষক এই আলোচনা চক্ৰত ৰাজ্যৰ কেইবাগৰাকীও প্ৰথিতযশা ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
গুৱাহাটীৰ খানাপাৰাৰ জৱাহৰ নগৰত থকা অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয় চৌহদৰ থকা চিভিল চাৰ্ভিছ অফিচাৰ্ছ ইনষ্টিটিউটত অনুষ্ঠিত হ'বলগীয়া এই আলোচনা চক্ৰৰ সময় অহা ৯ মাৰ্চ, দেওবাৰে দিনৰ ১১ বজাত নিৰ্ধাৰণ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us