/asomiyapratidin/media/media_files/2025/05/30/Wez4E5LF05x79B4lwqRr.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহা বতাহৰ সতৰ্কতা জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। উল্লেখ্য যে শুকুৰবাৰৰ পুৱতি নিশাৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত অব্যাহত থকা বৰষুণৰ ফলত জনসাধাৰণ জীৱন বিপৰ্যস্ত হৈ পৰিছে।
গুৱাহাটী মহানগৰীত শুকুৰবাৰৰ পুৱাৰ পৰাই কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰুক্মিনীগাঁও, বশিষ্ঠ, নবীন নগৰ, অনিল নগৰ, ৰাজগড়, পাঞ্জাবাৰি, আৰ জি বৰুৱা-ৰোড, জু-ৰোড, চানমাৰি, বৰাগাওঁ, যোৰাবাটকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানপানীৰ ফলত জন জীৱন স্তব্ধ হৈ পৰিছে। কোনো কোনো অঞ্চলত পানীয়ে এবুকু পাৰ কৰিছে।
এনে পৰিস্থিতিত প্ৰশাসনে নাও লৈ উদ্ধাৰ অভিযানো চলোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। প্ৰতিকুল বতৰৰ এনে পৰিস্থিতি আগুন্তুক দুটা দিনলৈ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি এই সন্দৰ্ভত এক আগজাননী জাৰি কৰিছে।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অৱনুসৰি ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভুমি জিলাত আগন্তুক দুটা দিনৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে।
সেইদৰে কামৰূপ, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট আৰু শোণিতপুৰ জিলাৰ বাবে ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে। ৰেড এলাৰ্ট জাৰি কৰা জিলা কেইখনত অতি প্ৰচণ্ড বৰষুণৰ সৈতে ঘণ্টাত প্ৰায় ৬০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বেগেৰ ধুমুহা অহাৰ সম্ভাৱনা আছে।
‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা জিলা কেইখনত ধুমুহা আৰু বজ্ৰপাতৰ লগতে ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। উল্লেখ্যে যে, চিৰাং, বাকছা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, দৰং আৰু উদালগুৰি জিলাত শনিবাৰৰ বাবেও আৰ এম চিয়ে জাৰি কৰিছে ‘ৰেড এলাৰ্ট’।
উল্লেখ্য যে, শুকুৰবাৰে পুৱাৰে পৰা বৰষুণ অব্যাহত থকাৰ বাবে বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল বৰষুণৰ মাজতেই বানপানীকো নেওচি শিক্ষানুষ্ঠানৰ পৰা ঘৰাঘৰি যাবলগীয়া এক পৰিবেশৰ সূচনা হৈছে। তাৰ মাজতেই চানমাৰী অঞ্চলৰ ফুটপাথৰ নলাত পৰি যোৱাৰ দৃশ্যও কেমেৰাৰ বন্দী হৈছে।
এনে পৰিস্থিতিৰ মাজতেই অৱশ্যে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ ঘোষণা কৰিছে। তাৰোপৰি চৰকাৰী কৰ্মচাৰীকো কেজুৱেল ছুটি দিছে।