ডিজিটেল ডেস্কঃ ''শৰীৰৰ যিটা অংশত ঘাঁ ডোখৰ হয় মলম তাতে ঘঁহিব লাগে। বেমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখনৰ হৈছে। গতিকে ঔষধ জনতা ভৱনত নলগাই ক’ত লগাম?''- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯ ডিচেম্বৰ ২০২৪, বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰিবলৈ আয়োজন কৰা এক সংবাদ মেলত ৰাজভৱনৰ সমীপত আন্দোলন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তেও ৰাজভৱন আৰু দিছপুৰত প্ৰতিবাদ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ ফেচবুকত লিখিছিল-
''ৰাজ্যপালৰ সাংবিধানিক পদমৰ্যাদা সদায়েই দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত। কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি অসমৰ ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু সন্মুখভাগত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰি ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিব। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব। ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকা নিৰ্ধাৰণ কৰি দিয়া হৈছে।''
মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এনে স্থিতিৰ পাছতে তেওঁক উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সামাজিক মাধ্যমৰ জৰিয়তেই গগৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি লিখিছে- ''শৰীৰৰ যিটো অংশত ঘাঁ ডোখৰ হয় মলম তাতে ঘঁহিব লাগে। বেমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখনৰ হৈছে। গতিকে ঔষধ জনতা ভৱনত নলগাই ক'ত লগাম?''
তেওঁ আৰু লিখিছে, ''বিক্ষুব্ধ মানুহে ৰাজভৱন, জনতা ভৱনৰ সমুখত ন্যায় বিচাৰি ধৰ্ণা, বিক্ষোভ কৰিবই। আমি এতিয়া হেপা, শিয়ালৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই নুশুনাকৈ ধৰ্ণা দিব লাগিব নেকি? ৰাইজৰ কথা ৰাইজৰ মাজত থাকি ক'ম হিমন্ত বিশ্ব কোন বন্ধ কৰিবলৈ? হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰৰাজ মানি লোৱা নহ’ব।''
উল্লেখ্য, ইতিমধ্যে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূব জিলাৰ ডি চি পিয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ ধাৰাৰ অধীনত দিছপুৰ ৰাজধানী চৌহদৰ চৌপাশে পাঁচজনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। দিছপুৰৰ ৰাজধানী চৌহদৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত শ্লোগান, সমদল, ধৰ্মঘট বা যিকোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী নিষিদ্ধ কৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে এক জাননীও জাৰি কৰিছে।
তাৰ পাছত আজি অসম প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজৰ পৰাই ইতিমধ্যে ভূপেন বৰা, ৰিপুণ বৰা, জাকিৰ হুছেইন শিকদাৰসহ বহু কংগ্ৰেছী নেতা, কৰ্মীক আৰক্ষীয়ে আটক কৰিছে।
তাৰ মাজতেই মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা আৰক্ষীৰ বেৰিকেড ভেদি ৰাজপথলৈ ওলাই আহি প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ নেতা, কৰ্মীয়ে গুৱাহাটী আৰক্ষী আৰু অসম চৰকাৰকো প্ৰত্যাহ্বান জনাইছে। যুৱ কংগ্ৰেছে গুৱাহাটী আৰক্ষী, অসম চৰকাকে প্ৰতিবাদলৈ ভয় কৰে বুলি উল্লেখ কৰি কয় যে, প্ৰতিবাদলৈ ভয় কৰিছে যেতিয়া প্ৰতিবাদ হ’বই।
আজিৰ প্ৰতিবাদৰ বাবে তেওঁলোকে কোনো অনুমতি লোৱা নাই বুলি স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আনমে হুংকাৰ দি কয়, ''আমি আজি প্ৰতিবাদী কাৰ্যসূতী গ্ৰহণ কৰা নাছিলো। সৰ্ব ধৰ্ম সভাৰ হে আয়োজন কৰিছিলো। তাতেই তেওঁলোকে আন্দোলনৰ হোৱাৰ ভয়ত আমাৰ নেতা, কৰ্মীক আটক কৰিছে। যিহেতু আন্দোলন হ’ব বুলি ভয় কৰিছে গতিকে আন্দোলন হ’বই। আমাক গুলীয়ালেও, মাৰিলেও আমি আমাৰ নেতা, কৰ্মীৰ এৰি নিদিয়ালৈকে ৰাজপথৰ পৰা আঁতৰি নাযাও।''