/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/j967pv4x/1.jpg)
ডিজিটেল ডেস্কঃ সোণাপুৰৰ উচ্ছেদক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। এই সন্দৰ্ভত দেওবাৰে পুৱা ১১ বজাত এখন সংবাদমেল আয়োজন কৰিছে বিধায়ক অখিল গগৈয়ে।
নিজৰাপাৰৰ নিজ বাসগৃহত পুৱা ১১ বজাত সংবাদমেলৰ আয়োজন কৰিছে, সেয়ে সকলোকে সংবাদমেলত উপস্থিত থাকিবলৈ আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।
উল্লেখ্যযোগ্য যে, উচ্ছেদক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰণক্ষেত্ৰত পৰিণত হৈছিল সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলী অঞ্চলৰ উচ্ছেদস্থলী। পৰিৱেশ নিয়ন্ত্ৰণ কৰা উদ্দেশ্যে আৰক্ষী প্ৰশাসনে গুলীচালনা কৰিবলগীয়া হয়। ফলত দুজনকৈ লোক নিহত আৰু আন কেইবাজনো আহত হয়। লগতে কেইবাজনো আৰক্ষী আহত হৈছিল। তাৰ পিছত উত্তেজনাময় হৈ পৰে অঞ্চলটো।