Advertisment

অখিল গগৈৰ বাসগৃহৰ চৌহদত উদ্ধাৰ মহিলাৰ মৃতদেহ...

অখিল গগৈৰ নিজৰাপাৰস্থিত বাসগৃহত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত্যু হোৱা মহিলা গৰাকীৰ নাম পুষ্পাক্ষী বৰা। অখিল গগৈয়ে বাস কৰা চৌহদতে অকলশৰে থাকে মহিলাগৰাকী । মহিলা গৰাকীৰ স্বামী থাকে নগাঁওত।

author-image
Asomiya Pratidin
New Update
dds
  • অখিল গগৈৰ নিজৰাপাৰস্থিত বাসগৃহত মহিলাৰ মৃতদেহ উদ্ধাৰ।
  • মৃত্যু হোৱা মহিলা গৰাকীৰ নাম পুষ্পাক্ষী বৰা।
  • অখিল গগৈয়ে বাস কৰা চৌহদতে অকলশৰে থাকে মহিলাগৰাকী ।
  • মহিলা গৰাকীৰ স্বামী থাকে নগাঁওত।
  • মহিলা গৰাকীৰ মৃত্যুৰ খবৰ দিয়াত অখিল গগৈৰ বাসগৃহ চৌহদত উপস্থিত হয় আৰক্ষীৰ লোক। 
  • যিহেতু মহিলা গৰাকী অকলশৰে থাকে সেই উদ্দেশ্যেই আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰাইছিল অখিল গগৈৰ ফালৰ পৰা।
  • মৃতদেহ পৰ্যবেক্ষণ কৰি আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ মৃত্যু বুলিয়েই সন্দেহ কৰিছে।
  • স্বাস্থ্যজনিত কাৰণত মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ।
  • তথাপিও মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যোৱা হয় GMCHলৈ ।
  • মৰণোত্তৰ পৰীক্ষাৰ স্পষ্ট হ'ব মৃত্যুৰ প্ৰকৃত কাৰণ ।
  • মৃতদেহ উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত।
  • জানিব পৰা মতে মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে ক্ৰয় কৰিছিল নিজৰাপাৰত বাস কৰি থকা মাটি খিনি।
  • ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে GMCH লৈ। 
  • GMCHত স্বামী আছিল যদিও নকৰিলে কোনো মন্তব্য।
অখিল গগৈ