জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি AJYCP-এ জনালে বিহুৰ শুভেচ্ছাঃ পৰম্পৰা ৰক্ষাৰে গ্ৰহণ কৰিলে আশীৰ্বাদ

AJYCP ৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি এটা সজাঁতি দলে আজি ‘অসমীয়া প্ৰতিদিন’ৰ মুখ্য সম্পাদক তথা ‘সাদিন- প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সাক্ষাৎ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি AJYCP-এ জনালে বিহুৰ শুভেচ্ছাঃ পৰম্পৰা ৰক্ষাৰে গ্ৰহণ কৰিলে আশীৰ্বাদ

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি এটা সজাঁতি দলে আজি চানমাৰিস্থিত ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যালয়ত ‘অসমীয়া প্ৰতিদিন’ৰ মুখ্য সম্পাদক তথা ‘সাদিন -প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সাক্ষাৎ কৰে। ৰঙালী বিহু উপলক্ষে সংগঠনটোৰ সভাপতি পলাশ চাংমাই, নৱ নিৰ্বাচিত সম্পাদক বিজন বায়ন আৰু কামৰূপ মহানগৰ জিলাৰ সমিতিৰ কেইবাজনীয়া নেতৃত্বৰ দলটোৱে তেওঁক এখন ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন শুভেচ্ছা পত্ৰও প্ৰদান কৰে।

Advertisment

জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি AJYCP-এ জনালে বিহুৰ শুভেচ্ছাঃ পৰম্পৰা ৰক্ষাৰে গ্ৰহণ কৰিলে আশীৰ্বাদ

অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুত কনিষ্ঠই জ্যেষ্ঠৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণৰ পৰম্পৰা ৰক্ষা কৰি সংগঠনটোৰ নেতৃত্বয়েও জয়ন্ত বৰুৱাৰ আশীৰ্বাদ গ্ৰহণ কৰি তেওঁক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। এই সময়তে সংগঠনটোৰ ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভতো তেওঁলোক কিছু আলোচনাত মিলিত হয়।

তেওঁলোকে জয়ন্ত বৰুৱাৰ পৰা সংগঠনটোৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত আগন্তুক সময়ত দিহা, পৰামৰ্শও আশা কৰে। এই সাক্ষাতৰ সময়ত ‘অসমীয়া প্ৰতিদিন’ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তও উপস্থিত থাকে।

জয়ন্ত বৰুৱাক সাক্ষাৎ কৰি AJYCP-এ জনালে বিহুৰ শুভেচ্ছাঃ পৰম্পৰা ৰক্ষাৰে গ্ৰহণ কৰিলে আশীৰ্বাদ

তেওঁকো সংগঠনটোৰ ফালৰ পৰা এখন ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে এই সাক্ষাতৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই জয়ন্ত বৰুৱাক অৱগত কৰে যে, অহা ১ ব’হাগত সংগঠনটোৱে তেওঁৰ বাসগৃহলৈ আহি হুঁচৰি পৰিবেশন কৰিব। বৰুৱায়ো সংগঠনটোৱে তেওঁৰ বাসগৃহলৈ আহি হুঁচৰি পৰিবেশন কৰিলে অতি আনন্দিত হ’ব বুলি উল্লেখ কৰি সংগঠনটোৰ নেতৃত্ব আৰু প্ৰতিগৰাকী সদস্যলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। 

পলাশ চাংমাই জয়ন্ত বৰুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ