পাৰিবাৰিক কণ্ডলঃ অজাপৰ নেতা জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ...

পাৰিবাৰিক কণ্ডলঃ অজাপৰ নেতা জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ...
পাৰিবাৰিক কণ্ডলঃ অজাপৰ নেতা জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানক আটক কৰিলে হাতীগাওঁ আৰক্ষীয়ে। জানিব পৰা মতে জিয়াউৰ ৰহমানৰ পত্নী ফাৰনাচ নুৰিনৰ অভিযোগৰ ভিত্তিত হাতীগাওঁ আৰক্ষীয়ে অজাপ নেতাগৰাকীক হাতীগাওঁৰ দৃষিকা এপাৰ্টমেণ্টৰ পৰা আটক কৰিছে।

জিয়উৰ ৰহমানৰ পত্নী ফাৰনাচ নুৰিনৰ অভিযোগ অনুসৰি ৰহমানে দীৰ্ঘদিনে আন মহিলাৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল। দুয়োৰে বিবাহ বিচ্ছেদ সম্পৰ্কীয় গোচৰ ন্যায়ালয়ত চলি আছে।

ন্যায়ালয়ে জিয়াউৰ ৰহমানক পত্নী আৰু সন্তানৰ খৰচ বহন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও কেৱল ৮০০০ টকা আদায় দিয়েই দায়িত্ব সামৰিছে ৰহমানে। যোৱা বহু দিন ধৰি তেওঁ পত্নী, সন্তানৰ খৰচৰ বাবে দিয়া নাই ধন। ইয়াৰোপৰি ফাৰনাচ নুৰিনে ৰহমানৰ বিৰুদ্ধে আনিছে শাৰীৰিক, মানসিক নিৰ্যাতনৰো অভিযোগ।

পাৰিবাৰিক কণ্ডলঃ অজাপৰ নেতা জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ...
নীলাচলতে নহয়, কামকূট পাহাৰতো মা কামাখ্যাৰ বন্দনাঃ আৰম্ভ অম্বুবাচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in