Advantage Assam 2.0: আজিও অসমত বিনিয়োগৰ বাবে বুজাপৰাৰ চুক্তি স্বাক্ষৰ বহু প্ৰতিষ্ঠানৰ...

এডভাণ্টেজ আছাম ২.০ ত আজি পুৱাৰে পৰা কেইবাখনো সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনৰ মাজতে বহু কেইটা উদ্যোগ প্ৰতিষ্ঠান ৰাজ্য চৰকাৰৰ সৈতে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। 

author-image
Asomiya Pratidin
New Update
Advantage Assam 2.0: আজিও অসমত বিনিয়োগৰ বাবে বুজাপৰাৰ চুক্তি স্বাক্ষৰ বহু প্ৰতিষ্ঠানৰ...

ডিজিটেল ডেস্কঃ এডভাণ্টেজ আছাম ২.০ ত আজি পুৱাৰে পৰা কেইবাখনো সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনৰ মাজতে বহু কেইটা উদ্যোগ প্ৰতিষ্ঠান ৰাজ্য চৰকাৰৰ সৈতে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। 

Advertisment

সেই অনুসৰি দ্বিতীয় দিনটোত ষ্টাৰ চিমেণ্টে ৩২০০ কোটিৰ বুজাবুজিৰ চুক্তিৰ স্বাক্ষৰ কৰিছে। মেথিছন হাইড্ৰজেনেও অসম চৰকাৰৰ সৈতে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই প্ৰতিষ্ঠানে অসমত অসমত বিনিয়োগ কৰিব ১৫০০ কোটি টকা।

সেইদৰে মেদান্তাই ৫০০ কোটি টকা বিনিয়োগৰ বাবে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। মেদান্তই এই ধন বিনিয়োগেৰে খুলিব মাল্টিস্পেচিয়েলিটী হাস্পতাল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিব তামাৰাই। এই হোটেল ব্যৱসায়ী প্ৰতিষ্ঠানে ইয়াৰ বাবে বিনিয়োগ কৰিব ২৭৫ কোটি টকা।

সেইদৰে বিৰিঞ্চি লিমিটেডে অসমত বিনিয়োগ কৰিব ৩০০০ কোটি টকা। তাৰোপৰি বিৰিঞ্চি হেল্থকেয়াৰে বিনিয়োগ কৰিব ২০০ কোটি টকা।

বিৰিঞ্চি হেল্থকেয়াৰে অসমত নিৰ্মাণ কৰিব এখন ৫০০ বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল। তাৰোপৰি অসমৰ ভিতৰুৱা জনজাতীয় অঞ্চলত নিৰ্মাণ কৰিব দুখন হাস্পতাল।

আলট্ৰাটেক চিমেণ্টে আকৌ অসমত ৭০০ কোটি টকা বিনিয়োগ কৰিব। চিম্বা লজিষ্টিকছে বিনিয়োগ কৰিব ৪০০ কোটি টকা। য়ুৱান ডেভেলপমেণ্ট প্ৰাভেট লিমিটেডে ১৪৪ কোটি আৰু চেৰামিকছ লিমিটেডে ১২০ কোটি টকা বিনিয়োগ কৰিব। বেইলী ষ্ট্ৰং চিমেণ্টে আকৌ ৪৮০ কোটি টকা বিনিয়োগৰ বাবে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।

ইয়াৰ পূৰ্বে এডভাণ্টেজ আছাম ২.০ ৰ প্ৰথম দিনটোত ৰিলায়েন্স, আদানী গ্ৰুপ, বেদান্তই সৰ্বাধিক ৫০ হাজাৰ কোটিকৈ ডেৰ লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি আৰু বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল। টাটা গ্ৰুপে ৩০ হাজাৰ কোটি বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে।

প্ৰথম দিনটোত এই চাৰিটা উদ্যোগে অসমত ১ লাখ ৮০ কোটি টকাৰ বিনিয়োগ কৰাৰ সমান্তৰালকৈ আন বহু কেইটা প্ৰতিষ্ঠানৰ সৈতে বিনিয়োগৰ পৰিমাণ প্ৰায় ৪ লাখ কোটিত উপনীত হৈছিল। অৱশ্যে আনুষ্ঠানিকভাৱে অসম চৰাকৰে এতিয়ালৈকে কিমান বিনিয়োগ লাভ কৰিছে সেয়া স্পষ্টকৈ ঘোষণা কৰা নাই।  

এডভাণ্টেজ আছাম ২.০