/asomiyapratidin/media/media_files/2025/02/25/LvzsESkrvmJwW0b1R87e.jpg)
ডিজিটেল ডেস্কঃ ''২০১৪ চনৰ পাছত পুনৰ জনম লাভ কৰিলে অসমে।''- আজি গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ উদ্বোধক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীসহ বিনিয়োগকাৰীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ ভাষণত এই সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ভাষণত কয়, ২০১৮ চনত আমি প্ৰথমে এডভাণ্টেজ আছাম সন্মিলন আৰম্ভ কৰিছিলো।
সেই সন্মিলনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশীৰ্বাদত নুমলীগড় শোধনাগৰে ২৬ হাজাৰ কোটি টকাৰ সহায্যৰে ইয়াৰ পৰিসৰ ৯ মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হয়। পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ১৬০০ কিলোমিটাৰ ক্ৰুড অইলৰ পাইপলাইন স্থাপন কৰা হৈছে।
তাৰোপৰি মুখ্যমন্ত্ৰীৰ ভাষ্যত টাটা গ্ৰুপে জাগীৰোডত স্থাপন কৰা ছেমি কণ্ডাক্টৰ প্ৰসংগয়েও স্থান পায়। তেওঁ কয়, প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত টাটাৰ দ্বাৰা অসমত ছেমিকণ্ডাক্টৰৰ আৰম্ভণি কৰা হৈছে। কেন্দ্ৰীয় বাজেটত নামৰূপত গ্ৰীনফিল্ড ফাৰ্টিলাইজাৰ প্লাণ্টৰ ঘোষণা কৰা হৈছে।
তেওঁ কয়, অসমৰ ঔদ্যোগীকৰণৰ ইতিহাস ১৮৩৯ ৰ পৰা আৰম্ভ হৈছিল। অসমৰ স্থায়ী উদ্যোগে ২০০ বছৰ সম্পূৰ্ণ কৰিছে। ডিগবৈ ৰিফাইনেৰী ১৯০১ত স্থাপন হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত আমাৰ জনমুৰি আয় দেশতকৈ ৪ শতাংশ অধিক আছিল।
তেওঁ কয়, ২০১৪ চনৰ পিছত অসমে পুনৰ জনম লাভ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসম শান্তিৰ ৰাজ্য হৈ পৰিছে। অসম এটা সময়ত দেশৰ আটাইতকৈ অশান্ত অঞ্চল আছিল, এতিয়া অসম দেশৰ আটাইতকৈ শান্তিপূৰ্ণ ৰাজ্য।
তেওঁ কয়, অসমত ২০১৪ চনৰ পিছত ২৩২৪ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ৬০০ কিলোমিটাৰ মিটাৰগজক ৰে’লপথক ব্ৰডগজলৈ ৰূপান্তৰ কৰা হৈছে। ২০০ কিলোমিটাৰ ৰে’লপথ ডাবল ট্ৰেকলৈ ৰূপান্তৰ কৰা হয়। তাৰোপৰি তেওঁ কয়, গুৱাহাটী বিমানবন্দৰ দেশৰ সপ্তম ব্যস্ততম বিমানবন্দৰলৈ পৰিণত হৈছে।
ইফালে ৰাজ্যৰ জিডিপিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, ২০১৩-১৪ত অসমৰ জিডিপি আছিল ২৯ বিলিয়ন ডলাৰ। ইয়াৰ পিছত ২০২৩ ত অসমৰ জিডিপি ৬৮.৭ বিলিয়ন ডলাৰত উপনীত হয়। তেওঁ ২০৩০ চনৰ ভিতৰত ৰাজ্যৰ জিডিপি ১৪৩ বিলিয়ন ডলাৰত উপনীত হ’ব বুলিও আশা প্ৰকাশ কৰে।
উল্লেখ্য যে, এডভাণ্টেজ আছাম ২.০ ত অসমে যিধৰণে বিনিয়োগকাৰীৰ পৰা বিনিয়োগ আশা কৰিছিল তাতকৈ যথেষ্ট বেছি সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আজি সন্মিলনৰ আৰম্ভণিৰ ঠিক পাছতেই অসমে মাত্ৰ চাৰিটা উদ্যোগৰ পৰা লাভ কৰিলে ১ লাখ ৮০ কোটি টকাৰ বিনিয়োগ।
অথচ অসম চৰকাৰৰ কেবিনেটে এই সন্মিলনৰ পূৰ্বে ১ লাখ ২২ হাজাৰ কোটিৰ বিনিয়োগতহে অনুমোদন জনাইছিল। সন্মিলনৰ আৰম্ভণিতে গৌতম আদানীয়ে আগন্তুক ৫ বছৰত অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি ঘোষণা কৰে।
সেইদৰে মুকেশ আম্বানীয়েও অসমত ৫০ হাজাৰ কোটি আৰু বেদান্ত গ্ৰুপেও ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে বেদান্ত গ্ৰুপে অসম চৰকাৰৰ সৈতে বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে।
তাৰোপকি টাটা গ্ৰুপে ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে আগন্তুক সময়ত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সমানেই ধন বিনিয়োগৰো লক্ষ্য লৈছে। অন্যান্য বিনিয়োগকাৰীৰ তালিকাখনো যথেষ্ট দীঘলীয়া।