আদানী গ্ৰুপে অসমত বিনিয়োগ কৰিব ৫০ হাজাৰ কোটিঃ গৌতম আদানীৰ ঘোষণা...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এই এডভাণ্টেজ আছাম সন্মিলনত অংশগ্ৰহণ কৰি দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীয়ে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
গৌতম আদানী

ডিজিটেল ডেস্কঃ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছি হোৱা এডভাণ্টেজ আছাম ২.০ সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এই এডভাণ্টেজ আছাম সন্মিলনত অংশগ্ৰহণ কৰি দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীয়ে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।

Advertisment

আদানী গ্ৰুপে অসমত বিমানবন্দৰ, এৰোচিটি, চহৰাঞ্চলত গেছ বিতৰণ, ট্ৰেন্সমিছন, চিমেণ্ট আৰু পথ পৰিবহণৰ আন্তঃগাঁথনি উন্নয়নত এই ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সন্মিলনত আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে কয়, "অতি গৌৰৱেৰে আজি মই ঘোষণা কৰিছো যে আদানী গ্ৰুপে অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে।"  

তেওঁ ভাষণত কয়, আদানী গোটটোৰ বিনিয়োগে অসমৰ অৰ্থনীতি শক্তিশালী কৰিব আৰু ইয়াৰ উন্নয়নত সহায় কৰিব। তেওঁ মন্তব্য কৰে যে, "এই অনুষ্ঠানত থিয় হৈ মই অনুভৱ কৰিছো বিনিয়োগৰ এই উত্থান ২০০৩ চনত গুজৰাটত পুনৰুত্থানৰ লগে লগে আৰম্ভ হৈছিল।

তেওঁ আৰু কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীয়ে আইকনিক ভাইব্ৰেণ্ট গুজৰাট গ্ল'বেল ছামিটলৈ পৰিবৰ্তন হৈছিল। যি স্ফুলিংগ হিচাপে আৰম্ভ হৈছিল আৰু এতিয়া সি এটা ৰাষ্ট্ৰীয় আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছে। যিয়ে প্ৰতিখন ৰাজ্যকে বিনিয়োগ-চালিত অৰ্থনৈতিক পৰিৱৰ্তনৰ শক্তি গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।"

 কামাখ্যা মন্দিৰৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আদানীয়ে অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যৰ কথাও সোঁৱৰে। অসমৰ ৰূপান্তৰক নদীয়ে নিজৰ পথ তৈয়াৰ কৰাৰ সৈতে তুলনা কৰি তেওঁ কয় যে যেনেকৈ শক্তিশালী ব্ৰহ্মপুত্ৰই এই ৰাজ্যৰ ভূ-প্ৰকৃতিক নতুন ৰূপ দিলে, মই ক’ব লাগিব আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়েও আমাৰ সকলোৰে বাবে সম্ভাৱনাৰ ভূ-প্ৰকৃতিক নতুন ৰূপ দিছে। 

 

এডভাণ্টেজ আছাম ২.০ গৌতম আদানী