মহানগৰীত সক্রিয় হানি ট্রেপিং চক্র, যুৱতীসহ এজনক আটক...

মহানগৰীত পুনৰ সক্রিয় হৈছে হানি ট্রেপিং চক্র ৷ হানি ট্রেপিঙৰ বলি হৈছে ভগীৰথী শাস্ত্রী নামৰ এগৰাকী পূজাৰী ৷
মহানগৰীত সক্রিয় হানি ট্রেপিং চক্র
মহানগৰীত সক্রিয় হানি ট্রেপিং চক্র

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে সাৱধান হওঁক ৷ মহানগৰীত পুনৰ সক্রিয় হৈছে হানি ট্রেপিং চক্র ৷ হানি ট্রেপিঙৰ বলি হৈছে ভগীৰথী শাস্ত্রী নামৰ এগৰাকী পূজাৰী ৷ শুকুৰবাৰে ফটাশিল আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হানি ট্রেপিঙৰ এটা চক্রক ৷

প্ৰথমে ৱাটছ এপ যোগে কল কৰিছিল পূজাৰীগৰাকীক ৷ তাৰ পিছতেই ৱাটছ এপত প্রেৰণ কৰিছিল অশ্লীল ভিডিঅ’ ৷

মোটা অংকৰ ধন দাবী কৰিছিল অসৎ চক্ৰটোৱে ৷ অন্যথা সামাজিক মাধ্যমত ফটো, ভিডিঅ’ প্রকাশৰ ভাবুকি প্ৰদান কৰিছিল যুৱতীগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত ফটাশিল থানাত গোচৰ ৰুজু ভুক্তভোগী পূজাৰীৰ ৷

ভুক্তভুগীৰ অভিযোগৰ ভিত্তিতেই চক্ৰটোৰ বিৰুদ্ধে ফটাশিল আৰক্ষীয়ে ফাঁচী বজাৰৰ পৰা আটক কৰিছে দুজনক ৷ আটকাধীন লোক দুজনৰ ভিতৰত এগৰাকী যুৱতীও আছে ৷ আৰক্ষীয়ে আজিৰ দিনটোত প্ৰমোদ তিৱাৰী নামৰ এজনৰ লগতে এগৰাকী যুৱতীকো আটক কৰিবলৈ সক্ষম হৈছে ৷

মহানগৰীত সক্রিয় হানি ট্রেপিং চক্র
ছিল কৰা হ’ল ৭ টাকৈ ক্ৰেছাৰ মেছিন আৰু ২ দুটাকৈ অবৈধ ইটা ভাটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in