কলাক্ষেত্ৰত আজি সাদিন প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ' অনুষ্ঠান...

কলাক্ষেত্ৰত আজি সাদিন প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ' অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
কলাক্ষেত্ৰত আজি সাদিন প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ' অনুষ্ঠান...

কলাক্ষেত্ৰত আজি সাদিন প্ৰতিদিন গোষ্ঠীৰ 'এচিভাৰ এৱাৰ্ডছ' অনুষ্ঠান...

ডিজিটেল ডেস্কঃ নতুন বছৰটোৰ প্ৰথমটো সপ্তাহতে আন এক ভাল খবৰ। আজি পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰৱেদ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ 'এচিভাৰ এৱাৰ্ডছ' অনুষ্ঠান। এই অনুষ্ঠানতে ৰাজ্যৰ ভাষা, সাহিত্য, কলা-সংস্কৃতি, ক্ৰীড়া, অৰ্থনীতিকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা কেইবাগৰাকী বিশিষ্ট, বৰেণ্য ব্যক্তিক 'এচিভাৰ এৱাৰ্ডছ' সন্মানেৰে সন্মানিত কৰিব প্রতিষ্ঠান 'সাদিন-প্রতিদিন' গোষ্ঠীয়ে।

Advertisment

আজি বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্পূৰ্ণ অনুষ্ঠানতে এই বৰেণ্যসকলক প্ৰদান কৰা হ'ব 'সাদিন-প্রতিদিন' গোষ্ঠীয়ে প্ৰতি বছৰে প্ৰদান কৰি অহা 'এচিভাৰ এৱাৰ্ডছ' সন্মান। এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে।

তদুপৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও অনুষ্ঠানটোত সন্মানীয় অতিথিৰূপে অংশগ্রহণ কৰিব। উল্লেখ্য অম্লান প্রতিভাৰ জিলিকনি, অক্লান্ত সাধনাৰে বিভিন্ন ক্ষেত্ৰলৈ প্ৰশংসনীয় বৰঙণি যোগাই অহা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ স্বনামধন্য, বৰেণ্য ব্যক্তিলৈ প্রতি বছৰে 'সাদিন-প্রতিদিন' গোষ্ঠীয়ে আগবঢ়াই আহিছে এই সম্মান।

এই অনুষ্ঠানটিত উপস্থিত থাকি উৎসাহিত কৰাৰ লগতে অনুষ্ঠানটো সর্বাংগসুন্দৰ আৰু সফল কৰি তোলাত সহায় সহযোগিতা আগবঢ়াবলৈ সুধী জনগণক আহ্বান জনাইছে 'সাদিন-প্রতিদিন' গোষ্ঠীৰ অধ্যক্ষ তথা 'অসমীয়া প্রতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাই।

Also Read: বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই...

'এচিভাৰ এৱাৰ্ডছ'