জ্যোতিনগৰৰ নলাত পৰা অবিনাশৰ নিথৰ দেহ ওলাল ৰাজগড়ত...

জ্যোতিনগৰত বৃহস্পতিবাৰে সন্ধানহানী হৈছিল অবিনাশ

author-image
Asomiya Pratidin
New Update
জ্যোতিনগৰৰ নলাত পৰা অবিনাশৰ নিথৰ দেহ ওলাল ৰাজগড়ত...

জ্যোতিনগৰৰ নলাত পৰা অবিনাশৰ নিথৰ দেহ ওলাল ৰাজগড়ত...

ডিজিটেল ডেস্কঃ অৱশেষত নিশ্চিত কৰিলে পিতৃ, মাতৃয়ে। ৰাজগড়ত উদ্ধাৰ হোৱা শিশুৰ মৃতদেহটোৱেই জ্যোতিনগৰত নলাত পৰি উটি যোৱা অবিনাশ সৰকাৰৰ মৃতদেহ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অবিনাশৰ পিতৃ, মাতৃ উপস্থিত হৈ চিনাক্ত কৰিলে মৃতদেহ।

Advertisment

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় ১০-৩০ বজাত বামুণীমৈদামৰ জ্যোতিনগৰৰ কালী মন্দিৰৰ ৮ নং বাইলেনত ধাৰাসাৰ বৰষুণৰ মাজতে সংঘটিত হৈছিল এই ঘটনা। পিতৃৰ হৰোলাল সৰকাৰৰ সৈতে স্কুটিত ঘৰলৈ গৈ থকাৰ মাজতে পাহাৰৰ পৰা নামি অহা পানীৰ ঢৌৰ মাজতে হঠাৎ বাগৰি পৰিছিল তেওঁলোক।

তাৰ পাছতেই নলাত উটি গৈছিল ৮ বছৰীয়া অবিনাশ সৰকাৰ। ইয়াৰ পিছত বৃহস্পতিবাৰে নিশাৰে পৰাই উদ্ধাৰ অভিযান চলি আছিল যদিও অবিনাশক উদ্ধাৰ কৰিব পৰা নাছিল উদ্ধাৰকাৰীয়ে।

এছ ডি আৰ এফ, এন ডি আৰ এফে জ্যোতিনগৰৰ পৰা আহি বামুণীমৈদামত সংযোগ হোৱা নলাৰ উপৰিও বামুণীমৈদামৰ পৰা ভৰলু সংযোগী নলাত দিনে, নিশাই অবিনাশক বিচাৰি উদ্ধাৰ অভিযান চলাই আছিল যদিও কোনো সন্ধানেই উলিয়াব পৰা নাছিল।

এনে পৰিস্থিতিৰ মাজতে শনিবাৰে উদ্ধাৰ অভিযানস্থলীত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লোৱাৰ লগতে অবিনাশৰ পিতৃ, মাতৃৰ সৈতেও কথা পাতিছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

আজি পুৱাই ৰাজগড়ৰ এটা নলাত এছ ডি আৰ এফে উদ্ধাৰ কৰে এটা শিশুৰ মৃতদেহ। উল্লেখ্য যে, বামুণীমৈদামৰ নলাৰে ৰাজগড়ৰ এই নলাৰ আছে প্ৰত্যক্ষ সংযোগ। এই নলাই গৈ ভৰলুক সংযোগ কৰিছে।

ইফালে অবিনাশৰ পিতৃ, মাতৃয়ে মৃতদেহ চিনাক্ত কৰাৰ পূৰ্বেই পৰিয়ালৰ আন লোকে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক এয়া অবিনাশৰে মৃতদেহ বুলি জানিবলৈ দিছিল। ইয়াৰ পিছতে আৰক্ষীয়েস এছ ডি আৰ এফ সহযোগত মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইছলৈ লৈ যায়।

তাতেই অবিনাশৰ পিতৃ, মাতৃয়ে পৰৱৰ্তী সময়ত মৃতদেহ চিনাক্ত কৰে। জানিব পৰা মতে মৰণোত্তৰ পৰীক্ষাৰ পাছতেই অবিনাশ সৰকাৰ নামৰ শিশুটিৰ মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়া হ'ব।

Also Read: দুধনৈত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি...

অবিনাশ সৰকাৰ জ্যোতিনগৰ