আৰোহণ আৰ্টিষ্ট গীল্ডৰ বাৰ্ষিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহ সমাপন

আৰোহণ আৰ্টিষ্ট গীল্ডৰ বাৰ্ষিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহ সমাপন

author-image
Asomiya Pratidin
New Update
আৰোহণ আৰ্টিষ্ট গীল্ডৰ বাৰ্ষিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহ সমাপন

ডিজিটেল সংবাদ, গুৱাহাটী : শিক্ষা, সাহিত্য, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডৰ উদ্যোগত বিগত ২৩টা বৰ্ষৰ দৰে এইবেলিও ১৫ মে', বুধবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ ব'হাগ  সামৰণি আৰু জাতীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰে। বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ স্থিৰচিত্ৰত সমাজসেৱী চফিক আলী মিৰ্জাই বন্তি প্ৰজ্বলনৰ লগে লগে শিল্পীগৰাকীৰ বহুল সমাদৃত "মানুহে মানুহৰ বাবে" সমস্বৰে পৰিবেশন কৰে ।

Advertisment

আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি তথা কন্ঠশিল্পী দিলীপ নাথে আঁত ধৰা অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিত শুভেচ্ছাবাণী প্ৰেৰণ কৰে। শুভাচ্ছাবাণীত কয়- বঁটা আৰু সন্মানে ব্যক্তিৰ স্বকীয় দৰ্শনক অধিক শক্তিশালী কৰি সামাজিক দায়বদ্ধতাৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই অংশ লৈ কয়- মফচল চহৰত কৰ্মৰত লোকক স্বীকৃতি দিয়াত আৰোহণ আৰ্টিষ্ট গীল্ড সিদ্ধহস্ত । দীৰ্ঘদিন ধৰি যি কাম কৰি আছে, এক মহান কাম কৰিছে।

আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে মুখ্য অতিথিৰ ভাষণত সাম্প্ৰতিক সময়ত সৃষ্টিশীল কৰ্ম কৰা লোকৰ সংখ্যা কমি অহা বুলি কয় । সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, সাহিত্য কোঁৱৰ কমল কলিতা, বিশিষ্ট গীতিকাৰ- সাহিত্যিক শচীন দাস, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ মুখ্য উপদেষ্টা ধীৰেণ শৰ্মা, দীপুল দাস, সাংস্কৃতিক কৰ্মী-লেখক ৰমেন দাস, ড০ নৰেন্দ্ৰ নাথ শৰ্মা, শিল্পী ক্ষীৰোজমেধি, আয়েজল হক, দীপক কুমাৰ ৰয়ে অংশ লৈ তত্বগধুৰ ভাষণ দিয়ে ।

উক্ত অনুষ্ঠানৰ লগত সংগতি নিজস্ব কৰ্মৰাজিক সন্মান জনোৱাৰ উদ্দেশ্যে  দেৱযানী কলিতা, যতীন চন্দ্ৰ ডেকা, সূচীল কলিতালৈ আৰোহণ শিল্পী বঁটা, মানস শৰ্মালৈ আৰোহণ সমাজ সাংস্কৃতিক সমন্বয় বঁটা, সাহাদত আলী, মুন্নাফ আলী আহমেদলৈ আৰোহণ সমাজ সেৱা বঁটা,  জয়সিং ৰাংফাৰলৈ আৰোহণ কৰ্ম প্ৰেৰণা বঁটা, ডা০কমল দেউৰী, ডা০ হেমন্ত শৰ্মালৈ আৰোহণ স্বাস্থ্য সমন্বয় বঁটা, ডা০আনোৱাৰ হুছেইন চৌধুৰীলৈ অসম স্বাস্থ্য সুৰক্ষা সমন্বয় বঁটা প্ৰদান কৰে। একেদৰে লোহিত ভাগৱতীলৈ অসম জ্যোতিষ ভাস্কৰ সমন্বয় বঁটা, মঞ্জুলা হাজৰিকালৈ আৰোহণ সাহিত্য বঁটা, আজিজুৰ ৰহমানলৈ আৰোহণ যুৱ সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়।

আনহাতে ড০ সুলেখা চৌধুৰী ফুকনলৈ আৰোহণ শিক্ষা আৰু গবেষণা ৰত্ন বঁটা,  নীলকান্ত কম্বৰ আৰু ছাহিদুৰ আহমেদলৈ আৰোহণ শৈক্ষিক সমন্বয় বঁটা, মুনীন ঠাকুৰীয়া, ধীৰেন চন্দ্ৰ কলিতা, দীপক চন্দ্ৰ ডেকা, মুনীন্দ্ৰ চন্দ্ৰ দাসলৈ আৰোহণ কৃতি শিক্ষক বঁটা, মেছেৰ আলী, ডেভিদ বৰুৱা, জহিৰুল ইছলামলৈ আৰোহণ গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। লগতে আৰদশ আলীলৈ সমাজসেৱক বঁটা প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে ব'হাগৰ সামৰণি অনুষ্ঠানত বিভিন্ন বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিভা বিকাশৰ বাবে প্ৰতিযোগিতাৰো আয়োজন কৰে । ইয়াৰোপৰি বিভিন্ন শিল্পীয়ে গীত - মাতৰ লগতে বাৰেৰহনীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ।

Also Read: চিৰাঙৰ কাজলগাঁৱত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন

Bohag Bihu ARTISTS culture