ধেমাজি কাণ্ড সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

২০০৪ চনৰ এই নাৰকীয় ঘটনাৰ লগত জড়িত অভিযুক্ত কেইজন যদি দোষমুক্ত হয়, তেন্তে প্রকৃত দোষী কোন বুলি প্ৰশ্ন কৰে

author-image
Asomiya Pratidin
New Update
ধেমাজি কাণ্ড সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক : ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়দান সম্পৰ্কে আম আদমি পাৰ্টি অসমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে ন্যায়ালয়ে প্ৰদান কৰা ৰায় সম্পৰ্কে দলটোৱে এক বিজ্ঞপ্তিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Advertisment

বিজ্ঞপ্তিত দলটোৱে উল্লেখ কৰে যে,অসমৰ ইতিহাসত সংঘটিত হোৱা বিচ্ছিন্নতাবাদীৰ অন্যতম ৰক্তাক্ত কৰ্ম আছিল ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হোৱা ধেমাজি বোমা বিস্ফোৰণ কাণ্ড। য'ত কণ কণ শিশুসহ ১৪গৰাকীয়ে কৰুণ মৃত্যুক আকোৱালি লৈছিল।

কিন্তু আজি চৰকাৰে সঠিক প্রামাণিক নত্ৰি পত্ৰ আদালতত দিব নোৱাৰাৰ বাবে বিস্ফোৰণ কাণ্ডৰ সকলো অভিযুক্তক তেওঁলোকৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ পৰা দোষমুক্ত কৰে। এই ক্ষেত্ৰত আম আদমি পার্টীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ২০০৪ চনৰ এই নাৰকীয় ঘটনাৰ লগত জড়িত অভিযুক্ত কেইজন যদি দোষমুক্ত হয়, তেন্তে প্রকৃত দোষী কোন বুলি প্ৰশ্ন কৰে।

লগতে কণমানি শিশুকেইটিৰ প্ৰাণ কাটি নিলে কোনে বুলিও উল্লেখ কৰে। সেয়া হয়টো চৰকাৰী অধিবক্তাই আদালতত প্ৰমাণ কৰিব নোৱাৰাৰ বাবেই আজিও ২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণৰ দোষী মুকলি আকাশৰ তলত বুলি বিস্ফোৰক মন্তব্য কৰে।

দলটোৱে ১৯ বছৰ পুৰণি এই কাণ্ডটোৰ প্ৰকৃত দোষীক চিনাক্ত কৰাত ব্যৰ্থ হোৱাৰ বাবে গৃহ বিভাগ আৰু চৰকাৰ জবাবদিহি বুলি উল্লেখ কৰে। দুৰ্ভগীয়া পৰিয়ালকেইটা ন্যায় পোৱাৰ পৰা বঞ্চিত হ'ল। ইয়াৰ পূৰ্বেও উপযুক্ত প্ৰমাণ নথকাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ১০০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযুক্ত আটাইকেইজন ব্যক্তিক গুৱাহাটী উচ্চ ন্যায়ালয়ে মুকলি কৰি দিয়ে বুলি বিজ্ঞপ্তিত উল্লেখ কৰে।

Also Read: ঘোষণা হ'ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: একাধিক বঁটাৰে জিলিকিল 'অনুৰ'

Dhemaji incident