প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰসংগত আপ,অসমৰ প্ৰতিক্ৰিয়া

দলটোৱে প্ৰধানমন্ত্ৰীৰ গেৰান্টিক ভুৱা গেৰান্টি, অকল প্রতিশ্রুতিৰ ফুলজাৰি বুলি অভিহিত কৰে
প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰসংগত আপ,অসমৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ,গুৱাহাটী : দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে খানাপাৰা খেলপথাৰত অসমৰ জনতাক সম্বোধন কৰি দিয়া ভাষণক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে আম আদমি পার্টী, অসমে। দলটোৱে প্ৰধানমন্ত্ৰীৰ গেৰান্টিক ভুৱা গেৰান্টি, অকল প্রতিশ্রুতিৰ ফুলজাৰি বুলি অভিহিত কৰে।

এক বিবৃতিযোগে আপ,অসমৰ সভাপতি ডা০ ভবেন চৌধুৰীয়ে প্রধানমন্ত্রী মোডীয়ে যোৱা ১০ বছৰত অসম তথা উত্তৰ-পূর্বাঞ্চল সদায়েই উপেক্ষিত হৈ ৰ'ল, সৰহ সংখ্যক আশ্বাস আৰু প্রতিশ্রুতি ভুৱা হৈ ৰ'ল বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৪ চনতে দিয়া প্রতিশ্রুতিসমূহৰ ভিতৰত ১) ক্ষমতাত আহিলে অসমৰ পৰা বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব, ২) বিদেশৰ পৰা ক'লা ধন ঘূৰাই আনি প্রতিজনৰ একাউন্টত ১৫ লাখকৈ টকা দিব, ৩) অসমৰ ছয় জনগোষ্ঠীৰ লোকসকলে জনজাতিৰ মৰ্য্যাদা পাব, ৪) চাহ শ্রমিকৰ দৈনিক মজুৰি বৃদ্ধি পাব, ৫) পেট্র'ল, ডিজেল, ৰন্ধন গেছৰ মূল্য হ্রাস পাব, ৬) অসমৰ বানপানীৰ সমস্যাৰ সমাধান হ'ব, ৭) নিৱনুৱা সমস্যা দূৰ হ'ব, অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ পুনবজ্জীবিত কৰা হ'ব আদি কোনো এটা প্রতিশ্রুতিয়ে প্রধানমন্ত্রীয়ে পূৰ কৰা দেখা নগ'ল বুলি দলটোবে উল্লেখ কৰে।

আম আদমি পার্টীয়ে প্রধানমন্ত্রীয়ে দিয়া প্রতিশ্রুতিত ১০ বছৰত অসমৰ ৰাজহুৱা সম্পত্তি বিক্রী, বিজেপিৰ মন্ত্রী, বিধায়কৰ সম্পত্তি বৃদ্ধিহে দেখা গ'ল বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰসংগত আপ,অসমৰ প্ৰতিক্ৰিয়া
"নিৰপেক্ষ গহপুৰ"ৰ বাৰ্ষিক অধিৱেশন : অসমীয়া প্ৰতিদিনৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞা লৈ 'সাহসী ৰত্ন' উপাধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in