/asomiyapratidin/media/media_files/2024/12/16/mZELhWNtepbb088zVPZh.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাসৰ সময়ত বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ সৰৱ হ'ল আপৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজা । আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে বলাৎকাৰৰ অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়।
বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত বলাৎকাৰৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ দল- সংগঠনসমূহৰ নিৰ্লিপ্ততাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে অনুৰূপা ডেকাৰজাই। ৰাজনৈতিক দল আৰু তথাকথিত জাতীয় সংগঠনক সমালোচনা কৰাৰ উপৰি স্বয়ং মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ ভূমিকা সন্দৰ্ভত আপৰ নেত্ৰীগৰাকীয়ে কয়, বৰ্তমানলৈকে শাসনাধিষ্ঠিত বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী মহানগৰীত সংঘটিত এই জঘন্য ঘটনাৰ কোনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
পূৰ্বে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা বা ধিং কাণ্ডক লৈ যি ধৰণে তেওঁলোকে নিজৰ স্থিতি প্ৰকাশ কৰিছিল, তেনে কোনো প্ৰতিক্ৰিয়া আমি লক্ষ্য কৰা নাই। ধৰ্মক লৈ ৰাজনীতি কৰা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ভগৱানৰ মন্দিৰো কলুষিত হৈছে বুলিও আপৰ নেত্ৰীগৰাকীয়ে কয়।
সংবাদমেলত আপৰ উপ-সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, বিজেপিৰ শাসনকালত অৰ্থাৎ অসমত বিগত ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। ২০২২ চনত ১,১১৩ টা, ২০২৩ চনত ৯৯৮ টা আৰু ২০২৪ চনত ৬ শতাধিক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে।
তথ্য অনুসৰি দেশৰ বিজেপি শাসিত ৰাজ্যসমূহত সৰ্বাধিক নাৰীজনিত অপৰাধ সংঘটিত হৈছে। আমি আম আদমী পাৰ্টিয়ে এই জঘন্য পৰিবেশৰ অৱসান বিচাৰিছোঁ। ধৰ্ষণৰ অভিযুক্ত যি ধৰ্মৰে নহওঁক কিয় তেনে অপৰাধীৰ কঠোৰতম শাস্তি দাবী কৰিছোঁ বুলিও কয় ডেকাৰজাই।
সংবাদমেলত আপৰ নাৰী শক্তিৰ সাধাৰণ সম্পাদক মঞ্জু ডেকা হুছেইন আৰু অলকা ডেকাও উপস্থিত থাকে ।