কেজৰিৱাল-ভগৱন্তৰ ভ্ৰমণৰ পিছতেই গুৱাহাটীত মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা আপৰ...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ অসম ভ্ৰমণৰ পাছত আপ অসমৰ সংবাদমেল
আপ অসমৰ সংবাদমেল
আপ অসমৰ সংবাদমেল

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ অসম ভ্ৰমণৰ পাছত আপ অসমৰ সংবাদমেল । সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিভিন্ন বক্তব্যৰ ওপৰত বুধবাৰে আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত প্ৰত্যুত্তৰ দিয়ে ।

সংবাদমেলত আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে আৰু ৰাজ্যিক মুখপাত্র হেমন্ত ফুকনে ঘোঁৰা বেপৰাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত যোৱা হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ অসম ভৱন আৰু মহাৰাষ্ট্ৰৰ ভৱনেহে অকল দেখিছে নেকি প্রশ্ন উত্থাপন কৰি তেখেতক দিল্লীৰ বিভিন্ন অঞ্চললৈ যাবলৈ আহ্বান জনায় ।

তেওঁ নৰক বুলি কল্পনা কৰা বস্তিত এতিয়া ৰাস্তা পকী, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নিৰাপত্তাৰ বাবে চিচিটিভি কেমেৰা আৰু দুটি লাইটৰ ব্যৱস্থা আছে । হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীৰ নৰকত বাস কৰা শিশুহতে বিশ্বখ্যাত চৰকাৰী বিদ্যালয়ত শিক্ষা লৈ আছে বুলি মন্তব্য প্ৰদান কৰে ৷ আজিৰ সংবাদমেলখনত লগতে কয় তেওঁলোকৰ বিদ্যুৎ মাচুল শুনাৰ লগতে বিনামূলীয়া বাতানুকূল বাছ সেৱা লাভ কৰি আছে।।

যিবোৰ সুবিধা অসম চৰকাৰৰ স্মাৰ্ট চিটি অধীনত গুৱাহাটীতো দিব পৰা নাই । তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ যোৱা বছৰৰ নীতি আয়োগৰ ৰাজ্য অনুসৰি দুখীয়া লোক থকা তথ্য অনুসৰি ৩২.৬৭ শতাংশৰে অসম শীৰ্ষৰ পৰা ছয় নম্বৰত বুলি উল্লেখ কৰে ৷ তাৰ বিপৰীতে দিল্লীত থকা দুখীয়া লোকৰ সংখ্যা মাত্র ৪.৭৯ শতাংশৰে শেষৰ পৰা চাৰি নম্বৰত । হিমন্তবিশ্ব শৰ্মাক কথাত সামান্য দৰ্শন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁৰ মতে যদি দিল্লীৰ ৭০ শতাংশ লোক যদি নৰকতে বাস কৰে তেন্তে আম আদমি পার্টীক তেওঁলোকে তিনিবাৰকৈ কিয় নির্বাচিত কৰি আহিছে ।

দিল্লীতো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হয় বুলি ক'বলৈ গৈ ২০২০ চনৰ পঞ্জাৱৰ উদাহৰণ দিয়া হিমন্ত বিশ্ব শৰ্মাক কয় যে ২০২২ চনলৈ পঞ্জাৱত আপৰ চৰকাৰেই নাছিল । আপ এ কেতিয়াও মিছা কথা নকয় । পঞ্জাৱত ২০২৩ চনত আপৰ চৰকাৰৰ দিনত চৰকাৰী পৰীক্ষা এটাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ হোৱাৰ লগে লগে দায়িত্বত থকা বৰমূৰীয়াসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে বিভিন্ন শাস্তি প্ৰদান কৰা হৈছে।

সংবাদমেলযোগ অসমৰ মুখ্যমন্ত্ৰীক প্রশ্ন উত্থাপন কৰে অসমৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত 'ছেবাৰ কোনজন বিষয়া বা অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা ল'লে? জনতাৰ চকুত অধ্যক্ষ, সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ গাফিলতি ধৰা পৰাৰ পাছতো তেওঁলোকৰ প্ৰতি ইমান দৰদ কিয় ? মুখ্যমন্ত্ৰীৰ ইমান ডাঙৰ অপৰাধৰ পাছত মাত্ৰ ছাত্ৰকেইজনমানকে গ্ৰেপ্তাৰ কৰি বিষয়টো সামৰিলে বুলি সংবাদমাধ্যমত প্ৰশ্ন উত্থাপিত কৰে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱালে ১২ লাখ চাকৰি দিয়া মিছা কথা কোৱা প্ৰসংগত আপ, অসমে কয় যে অসমত নিবনুৱা লোকৰ সংখ্যা প্রায় ৫০ লাখ । অসম চৰকাৰে যোৱা ২ বছৰত ৩০ হাজাৰ চাকৰি দিয়া বুলি কৈছে । কিন্তু সংস্থাপন দিলে শূণ্য । এইটো গতিত ৫০ লাখ নিবনুৱাক চাকৰিকে ধৰি সংস্থাপন দিবলৈ ১৬৬ বছৰ লাগিব ।

গতিকে কেজৰিৱাল চৰকাৰক সংস্থাপনৰ ক্ষেত্ৰত প্ৰশ্ন কৰাৰ অধিকাৰেই নাই । হিমন্ত বিশ্ব শৰ্মাই জনা উচিত যে দিল্লী চৰকাৰৰ চাকৰি বিভাগ নিজৰ হাতত নাই আছে কেন্দ্রীয় চৰকাৰৰ হাতত । গতিকে ক্ষুদ্র একাংশ চাকৰিৰ বাদে দিল্লী চৰকাৰে কোনো চৰকাৰী চাকৰি দিব নোৱাৰে ।

কিন্তু কেজৰিৱাল চৰকাৰৰ ডাঙৰ সফলতাটো হ'ল চৰকাৰী চাকৰি দিবলৈ বিজেপি চৰকাৰে ক্ষমতা কৰ্তন কৰি থোৱাৰ পাছতো ক'ভিডৰ পাছত ১২লাখ নিৱনুৱাৰ জব পৰ্টেলৰ জৰিয়তে সংস্থাপন দিলে । সেইটোকে দেখিয়েইতো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জব মেলা পাতিছিল । পিছে দক্ষতা নাথাকিলে ভালকৈ সকলো কৰিব নোৱাৰে । অসমৰ সকলো জব মেলা আজিলৈকে ফ্ল’প হৈছে । আজিৰ সংবাদমেলত লক্ষ্মীকান্ত ডুবেৰ লগতে ৰাজ্যিক মুখপাত্র হেমন্ত ফুকন উপস্থিত থাকে ।

আপ অসমৰ সংবাদমেল
এইবাৰ ষ্টিভ বলমাৰ্মক চেৰ পেলালে আম্বানীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in