কাইলৈ আজাৰাত 'আজু'ৰ সাংবাদিকতা বঁটা প্ৰদান অনুুষ্ঠান

সদৌ অসম সাংবাদিক সন্থা (আজু) ৰ ২০২৪ বৰ্ষৰ গাম্ভীৰ্যপূৰ্ণ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠান বুধবাৰে কামৰূপ জিলাৰ আজাৰাত অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ।

author-image
Asomiya Pratidin
New Update
কাইলৈ আজাৰাত 'আজু'ৰ সাংবাদিকতা বঁটা প্ৰদান অনুুষ্ঠান

ডিজিটেল সংবাদ তেজপুৰঃ সদৌ অসম সাংবাদিক সন্থা (আজু) ৰ ২০২৪ বৰ্ষৰ গাম্ভীৰ্যপূৰ্ণ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠান বুধবাৰে কামৰূপ জিলাৰ আজাৰাত অনুষ্ঠিত হ’ব ৷ উল্লেখ্য যে, আজাৰাৰ ৰাজহুৱা সভাঘৰত বুধঘবাৰে দিনৰ ১১ বজাৰ পৰা আয়োজিত আজুৰ এই বঁটা প্ৰদান অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞাই মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰিব।

কাইলৈ আজাৰাত 'আজু'ৰ সাংবাদিকতা বঁটা প্ৰদান অনুুষ্ঠান

২০২০ চনৰ পৰা প্ৰতিবছৰে ‘আজু’য়ে এই সাংবাদিকতা বঁটা ধাৰাবাহিকভাৱে প্ৰদান কৰি আহিছে ৷ সেই অনুসৰি এইবাৰ সাংবাদিক প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোৱঁৰণী সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা ‘প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাক প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও সাংবাদিক ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী বঁটা দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনক, ছহিদ সাংবাদিক মাণিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ললিত চন্দ্ৰ গগৈক,সাংবাদিক হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা ‘দ্য আছাম ট্ৰিবিউনৰ ডেপুটি এডিটৰ ৰামানুজ দত্ত চৌধুৰীক আৰু সাংবাদিক ৰজত চন্দ্ৰ বৈশ্য সোঁৱৰণী বঁটা প্ৰাগ ডিজিটেল’ৰ সম্পাদক জিতুমণি বৰাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।

এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞাই মুখ্য অতিথিৰূপে সাংবাদিকতা বঁটাসমূহ প্ৰদান কৰিব৷ বঁটা প্ৰদান অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে সন্মানীয় অতিথি, আইন বিশেষজ্ঞ ডঃ ৰমেশ বৰপাত্ৰ গোঁহাইয়ে বিশিষ্ট অতিথি আৰু কামৰূপ গ্ৰাম্যৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিব।

আনহাতে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে পুৱা কাৰ্যসূচী অনুসৰি আজুৰ পতাকা উত্তোলন,ছহিদ তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। এইক্ষেত্ৰত আজাৰা ৰাজহুৱা সভাঘৰত আয়োজিত সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত স্থানীয় ৰাইজ, বিভিন্ন দল সংগঠনৰ লগতে আজুৰ জিলা সমিতিসমূহৰ বিষয়ববীয়া তথা সদস্যসকলৰ উপস্থিতি কেন্দ্ৰীয় সমিতি আৰু আদৰণি সমিতিয়ে কামনা কৰিছে৷

বঁটা প্ৰদান অনুষ্ঠান আজাৰা আজু